ৰহা,26ছেপ্টেম্বৰ :সমাগত 2021ৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে কঁকালত টঙালি বান্ধি নিৰ্বাচনী ৰণলৈ সাজু হৈছে শাসক-বিৰোধী সকলো দল ৷ ৰাজ্যত উকমুকনি উঠিছে নতুন ৰাজনৈতিক দলৰ ৷ তাৰ মাজতে সমষ্টিবাসীৰ মন জয় কৰিবলৈ উঠি পৰি লাগিছে জন প্ৰতিনিধি আৰু দলীয় নেতা-কৰ্মী ৷ ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসো ওলাই আহিছে ৰাইজৰ মাজলৈ ৷ শুকুৰবাৰে ৰহাৰ কলঙৰ ওপৰত তিনিখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷
উল্লেখ্য যে, নগাঁও জিলাৰ সোঁ মাজেদি বৈ যোৱা কলঙৰ ওপৰত দলঙৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি দীৰ্ঘদিনে দলং নিৰ্মাণৰ দাবী জনাই আহিছিল স্থানীয় ৰাইজে । ইয়াৰ পাচতে বিধায়ক গৰাকীয়ে শুকুৰবাৰে ৰহাৰ মেটেকা-দুৰ্গাজানত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে ৷ এচ অ’ পিডি আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব এই দলং খন ৷