অসম

assam

ETV Bharat / state

'ঘোচ' খিনি মোক গুগল পে' কৰি দিয়ক : নগাঁৱত উৎকোচ লোৱাৰ অভিনৱ পন্থা

নগাঁৱত সলনি হৈছে উৎকোচ লোৱাৰ পদ্ধতি। এইবাৰ উৎকোচ গ্ৰহণৰ আন এক অভিনৱ পন্থা । নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবেও বিষয়া কৰ্মচাৰীক দিব লাগে চাহ পানীৰ খৰছ ।

bribe collection through digital process
গুগল পে'ৰে নগাঁৱত উৎকোচ লোৱাৰ অভিনৱ পন্থা

By

Published : Jun 28, 2020, 4:47 PM IST

নগাঁও,28জুন: টেবুলৰ তলেৰে নহয়, এইবাৰ ডিজিটেল পদ্ধতিত চলিছে উৎকোচৰ বজাৰ । নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবেও এতিয়া দিব লগীয়া হয় চাহ পানীৰ খৰচ । নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰৰ কৰ্মচাৰীয়ে নিবনুৱাৰ পৰা অনলাইন যোগে ধন সংগ্ৰহ কৰাৰ অভিযোগে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল পদ্ধতিৰ লেনদেন কৰাত গুৰুত্ব দিয়াৰ সময়তে একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে ডিজিটেল পদ্ধতিত উৎকোচ লোৱাৰ অভিযোগ ৷
নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ বাবে যোৱা এগৰাকী যুৱতীক চাহ খৰছৰ বাবে ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰটোৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে । হাতত ধন নথকা যুৱতীগৰাকীয়ে অৱশেষত গুগল পে কৰি হলেও দিব লগীয়া হল ধন ।

গুগল পে'ৰে নগাঁৱত উৎকোচ লোৱাৰ অভিনৱ পন্থা

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনীল নীতিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে উৎকোচৰ এনে অভিনৱ পন্থাৰ বিৰুদ্ধে এতিয়া কেনে ব্যবস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

For All Latest Updates

ABOUT THE AUTHOR

...view details