অসম

assam

ETV Bharat / state

11 গৰাকী দুৰাৰোগ্য ৰোগীলৈ চেক আগবঢ়ালে আঙুৰলতাই - আঙুৰলতাৰ ডেকা

সমষ্টিবাসীৰ ঘৰে ঘৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ ডেকা । বিতৰণ কৰিলে মুখ্যমন্ত্ৰীৰ চিকিৎসা জনিত সাহায্য আঁচনিৰ ধনৰ চেক । সমষ্টিবাসীৰ কল্যাণ আৰু সুখ দুখৰ সমভাগী হোৱাৰ চেষ্টা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ।

বিধায়িকা আঙুৰলতা ডেকাই বিতৰণ কৰিলে মুখ্যমন্ত্ৰীৰ চিকিৎসা জনিত সাহায্য আঁচনিৰ ধনৰ চেক

By

Published : Jul 27, 2019, 10:21 PM IST

বটদ্ৰৱাৰ,27 জুলাই : বিধায়িকা আঙুৰলতা ডেকাই শনিবাৰে সমষ্টিৰ বিভিন্ন পঞ্চায়তত মুঠ এঘাৰ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ গৃহত উপস্থিত হৈ বুজ লোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য আগবঢ়াই । অসমৰ মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য আঁচনিৰ অধীনত বিধায়িকা গৰাকীয়ে আঁচনিৰ ১৫ ৰ পৰা ২০ হেজাৰ টকাৰ চেক বিতৰণ কৰে । বটদ্ৰৱা সমষ্টিৰ বটদ্ৰৱা আৰু দলংঘাট উন্নয়ণ খণ্ড এলেকাৰ ভকতগাওঁ, কাকমাৰী, মাজ জাজৰি, আইভেটি, ভোমোৰাগুৰী আৰু ওপৰ ডুমডুমীয়া আদি পঞ্চায়ত সমূহত জটিল আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আৰ্থিক দীনতাৰ বাবে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম নোহোৱা মুঠ ১১ গৰাকীকৈ ৰোগীক মুখ্য মন্ত্ৰী সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰে । দৰিদ্ৰ ৰোগ তথা দুৰাৰোগ্য জনক সাধ্য অনুসাৰে নিজ হাতৰে আৰ্থিক সাহায্য প্ৰদান কৰি যথেষ্ট সুখী বুলি সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে বিধায়িকা আঙুৰলতাই ।

ABOUT THE AUTHOR

...view details