নগাঁও, 25 জুলাই :‘‘ৰাইজৰ অভিযোগ সদায় শুনি থাকিলে জানো সমস্যাৰ সমাধান হ’ব ৷ এয়া কাম আমি কৰিছো ৷ আমাক কাম কৰিব দিয়া ৷ ইচ্ছু ক্ৰিয়েট নকৰিবা’’ ৷ দেওবাৰে নগাঁৱৰ ধিঙত বানৰ বান খহনীয়াগ্ৰস্ত (River Erosion at Dhing) অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ একাংশ উত্তেজিত ৰাইজক উদ্দেশ্যি এই মন্তব্য কৰে বিধায়ক অমিনুল ইছলামে ৷
মোৱামাৰীত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কিয়নো বানৰ পিছত এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ শংকিত হৈ আছে নৈ পৰীয়া লোক । নগাঁৱৰ ধিঙৰ মোৱামাৰীত বিগত কিছুদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া । মোৱামাৰীত অব্যাহত গৰাখহনীয়াই ইতিমধ্যে গৃহহীন কৰিছে বহু পৰিয়ালক (Brahmaputra river erosion brings threat for Dhing) । হেক্টৰ হেক্টৰ কৃষিভূমি ইতিমধ্যেই জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ।
বহুতৰে সপোনৰ ঘৰখনো এতিয়া বিলীন হৈছে লুইতৰ বুকুত । ব্ৰহ্মপুত্ৰৰ খহনীয়াই একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে নগাঁৱৰ ধিং মোৱামাৰী অঞ্চলত । অঞ্চলটোত অব্যাহত থকা গৰাখহনীয়াক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে অঞ্চলবাসী । এটা মথাউৰিৰ লগতে ধিঙৰ কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে মোৱামাৰীৰ গৰাখহনীয়াই ।
খহনীয়াগ্ৰস্ত ৰাইজৰ ক্ষোভৰ বলি হ’ল বিধায়ক অমিনুল ইছলাম লগতে পঢ়ক :Brahmaputra river erosion: লুইতক ভেটিব কোনে ?
প্ৰায় প্ৰতিদিনেই চপৰা চপৰে খহিয়েই আছে ব্ৰহ্মপুত্ৰৰ গৰা (Threat of erosion at Dhing) । গৰাখহনীয়াক লৈ শংকিত অঞ্চলটোৰ স্থানীয় ৰাইজে নিজে শ্ৰম দানেৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ লগতে মৰিগাঁও জিলাৰ জলম্পদ বিভাগেও মোৱামাৰীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ গ্ৰহণ কৰিছে বহু পদক্ষেপ ।
ইয়াৰ মাজতে দেওবাৰে বিয়লি গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰদর্শন কৰিবলৈ সেই স্থানত উপস্থিত হয় স্থানীয় বিধায়ক অমিনুল ইছলাম ৷ কিন্তু বিধায়কগৰাকীক দেখি আশ্বস্ত হোৱাৰ বিপৰীতে ক্ষোভিত হৈ পৰে নৈ পৰীয়ালোকসকল ৷ আনকি একাংশ খহনীয়াগ্ৰস্তলোকে তীব্ৰ প্ৰশ্নবানেৰে থকা সৰকা কৰে বিধায়ক অমিনুল ইছলামক ।
কিয়নো দীৰ্ঘদিন ধৰি অঞ্চলটোত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । যাক লৈ বিধায়ক অমিনুল ইছলামক কাষতে পাই ক্ষোভিত হৈ পৰে খহনীয়াগ্ৰস্ত লোকসকল ।
ইপিনে মোৱামাৰীত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিধায়কগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক জনোৱা দাবীৰ বাবেই জলম্পদ বিভাগে সম্প্ৰতি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰে বিধায়ক অমিনুল ইছলামে ।
লগতে পঢ়ক :River Erosion in Darrang : ধনশ্ৰী নৈৰ বুকুত জাহ গ’ল শ শ কৃষিভূমি