বঢ়মপুৰ, ২৯ মে' :এইবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখতে গ'বেক ধ্বনি দিলে শতাধিক মহিলাই। বুধবাৰে হত্যাকাৰীক ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ কামপুৰ থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
আৰক্ষী থানাৰ সন্মুখতে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনি দিলে শতাধিক মহিলাই ! - বঢ়মপুৰ আৰক্ষী থানা
হত্যাকাৰীক ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগত কামপুৰ থানা ঘেৰাও কৰি অসম আৰক্ষী গ' বেক ধ্বনি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ
যোৱা ১৫ মে'ত কামপুৰ থানাৰ অন্তৰ্গত কাকতিগাঁও বৰুৱাবালিত পথাৰৰ মাজত এগৰাকী উলংগ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এটা অস্থায়ী জুপুৰিৰ ভিতৰত উলংগ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহটো। মৃতদেহটো চিনাক্ত হোৱাৰ পাছত কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰিছিল। পৰিয়ালৰ অভিযোগ মতে,স্থানীয় জনৈক খলিলুদ্দিন নামৰ যুৱকজনে ফোনযোগে পিতৃহীনা কিশোৰীগৰাকীক ঘৰৰ পৰা মাতি আনিছিল আৰু তেতিয়াৰ পৰা কিশোৰগৰাকীৰ কোনো সন্ধান নাছিল। কিন্তু ১৫ মে'ত পথাৰৰ মাজৰ এটা জুপুৰিত উলংগ অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও চৈধ্য দিন উকলি যোৱাৰ পাছতো মূল অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰাত সমগ্ৰ অঞ্চলটোতে প্ৰতিবাদৰ জোৱাৰ উঠিছে। প্ৰতিবাদকাৰী সকলে আৰক্ষী গ'বেক,অসম আৰক্ষী মুৰ্দাবাদ,কামপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক বৰ্খাস্ত কৰক,হত্যাকাৰীক আটক কৰিব নোৱাৰা আৰক্ষী হায় হায় আদি শ্ল'গান দিয়ে ৷