বঢ়মপুৰ,৬ মে' : বছৰৰ প্ৰথমটো বানত বুৰিল নগাঁও জিলাৰ কচুৱা অঞ্চল । বানত বুৰ গ'ল নগাঁও জিলাৰ কচুৱা, ১নং ফাকলি । বানত বুৰ গল শ শ বিঘাৰো অধিক কৃষিভূমি । ৰাজ্যত ফেনীৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নগাঁৱৰ কামপুৰত সংহাৰী ৰূপ ধাৰণ কৰিছে কপিলী আৰু বৰপানী নৈয়ে ।
নগাঁও জিলাক চুই গ'ল বছৰৰ প্ৰথমটো বানে ! - nagaon_flood
নগাঁও জিলাৰ কচুৱা, ১নং ফাকলিত বানত বুৰ গল শ শ বিঘাৰো অধিক কৃষিভূমি । ফেনীৰ প্ৰভাৱতে ধাৰাষাৰ বৰষুণৰ ফলত সংহাৰী ৰূপ ধাৰণ কৰিছে নগাঁৱৰ কপিলী আৰু বৰপানী নৈয়ে ।
নগাঁও জিলাক চুই গ'ল বছৰৰ প্ৰথমটো বানে !
বৰপানী নৈৰ বাঢ়নী পানী খেতি চপোৱাৰ সময়ত পকা ধানৰ খেতিত পানী সোমোৱাত দুৰ্ভোগ ভুগিছে অঞ্চলটোৰ কৃষক সকলে । হাতযোৰ কৰি পৰিৱৰ্তনকামী চৰকাৰলৈ ব্যৱস্থাগ্ৰহণ কৰিবলৈ আহ্বান কৃষক সকলৰ । ইফালে ফেনে ফুটুকাৰে বাঢ়ি আহিছে কপিলী নৈ । কামপুৰ অঞ্চলৰ কপিলী নৈৰ বহুকেইটা মথাউৰি নিৰ্মাণ নকৰাত উন্মুক্ত অৱস্থাত থকাত সম্প্ৰতি শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷