অসম

assam

ETV Bharat / state

নগাওঁ জিলাৰ কঠিয়াতলীত ৭০তম বন মহোৎসৱ

নগাওঁ জিলাৰ কঠিয়াতলীত বন আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত আয়োজন কৰা হয় ৭০তম বন মহোৎসৱ

By

Published : Jul 3, 2019, 4:23 PM IST

নগাওঁ জিলাৰ কঠিয়াতলীত আয়োজন ৭০তম বন মহোৎসৱ

বঢ়মপুৰ,৩জুলাই : বুধবাৰে নগাওঁ জিলাৰ কঠিয়াতলীত আয়োজন কৰা হয় ৭০তম বন মহোৎসৱ । পৃথিৱীৰ চৌপাশ সেউজীয়া কৰাৰ উদ্দেশ্য কঠিয়াতলী বন আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত আয়োজন কৰা হয় এই মহোৎসৱখনী । মহোৎসৱখনীত কঠিয়াতলী পশ্চিম নামবৰ প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুস্থিত কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপন কৰা হয় । সমাজকৰ্মী বাবুল বৰাৰ সভাপতিত্বত অনুস্থিত সভাখনত নগাওঁ জিলাৰ বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী,কঠিয়াতলী আঞ্চলিক বন বিষয়া দুলাল বৰদলৈ ,খণ্ড বন বিষয়া ৰাজেন শইকীয়া,কঠিয়াতলী কামপুৰ জিলা পৰিষদৰ সদস্য ঘন বৰদলৈ ,ৰাংঢালী গোষ্ঠীৰ সভাপতি শশী বৰদলৈ , শিক্ষয়ত্ৰী ববিতা বৰাও উপস্থিত থাকে ।

নগাওঁ জিলাৰ কঠিয়াতলীত আয়োজন ৭০তম বন মহোৎসৱ

ABOUT THE AUTHOR

...view details