অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি সন্ধানহীন নগাঁৱৰ যুৱক

নিতুলক বেংগালুৰুলৈ গৈ থকা অৱস্থাত কোনো দুষ্ট চক্ৰই ট্ৰেইনৰ পৰা পেলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিতুলৰ পৰিয়ালৰ লোকে ৷

By

Published : May 27, 2019, 11:00 AM IST

কৰ্মসংস্থাপন বিচাৰিবলৈ গৈ সন্ধানহীন নগাঁৱৰ যুৱক

বটদ্ৰৱা , 27 মে':পুনৰ বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি সন্ধানহীন হ'ল অসমৰ যুৱক ৷ কৰ্ম সংস্থাপনৰ বাবে বেংগালুৰুলৈ গৈ নিৰুদ্দেশ হ’ল নগাঁৱৰ কাকমাৰিৰ বৰবৰিৰ এজন যুৱক ৷ নিৰুদ্দিষ্ট যুৱকজন নিতুল ডেকা বুলি জানিব পৰা গৈছে ৷

কৰ্মসংস্থাপন বিচাৰিবলৈ গৈ সন্ধানহীন নগাঁৱৰ যুৱক

পৰিয়াল পোহপালৰ বাবে বহি:ৰাজ্যলৈ গৈছিল নিতুল ৷ যোৱা 19 মে'ত নিতুলে তেওঁৰ তিনি বন্ধু দীপ জ্যোতি ডেকা, অক্ষয় জ্যোতি ডেকা আৰু ৰঞ্জিত ডেকাৰ সৈতে বেংগালুৰুত কাম কৰিবলৈ ওলাই গৈছিল ৷ সকলো ঠিকেই আছিল কিন্তু গুৱাহাটীৰ পৰা বেংগালুৰুলৈ গৈ থকা অৱস্থাত হঠাৎ নিতুলৰ তিনি বন্ধুয়ে নিতুল সন্ধানহীন বুলি নিতুলৰ পৰিয়ালৰ লোকক অৱগত কৰে ৷ নিতুলৰ বৃদ্ধা মাতৃয়ে অসহায় হৈ সন্ধানহীন পুত্ৰ সন্ধান বিচাৰি আৰক্ষী কাষ চাপে ৷ ইপিনে নিতুলৰ পৰিয়ালৰ লোকে, নিতুলক বেংগালুৰুলৈ গৈ থকা অৱস্থাত কোনো দুষ্ট চক্ৰই ট্ৰেইনৰ পৰা পেলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

...view details