অসম

assam

By

Published : Jul 22, 2020, 3:17 PM IST

ETV Bharat / state

কামপুৰত পুনৰ ছিগিল বৰপানী নৈৰ মথাউৰি

কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বহুকেইখন গাঁৱত বৰপানী নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে । বিগত দুটা দিনত পানী কিছু কমিছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াত পুনৰ প্লাৱিত হৈ পৰে মাধৱপাৰা,জুৰিপাৰকে ধৰি বিস্তীৰ্ণ অঞ্চল ৷

borpani river flood affected in kampur
borpani river flood affected in kampur

বঢ়মপুৰ, 22 জুলাই : কামপুৰত পুনৰ ভাঙিল বৰপানী নৈৰ মথাউৰি ৷ ধাৰাষাৰ বৰষুণ আৰু কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নৈৰ জলস্তৰ বৃদ্ধি পাইছে ৷ বৰপানীৰ বানে ছিঙি নিলে মাধৱপাৰা প্ৰমীলা সংযোগী মথাউৰিৰ বৃহৎ অংশ ৷ মথাউৰিৰ ভগা অংশদি পানী সোমাই অহাৰ ফলত জলমগ্ন হৈ পৰিছে বহু অঞ্চল ৷ মথাউৰিটো ছিগাৰ ফলত বাঢ়নী পানীয়ে বুৰাই পেলালে গৰু বাট মৌজাৰ দহ খনৰো অধিক গাঁও ৷

কামপুৰত পুনৰ ছিগিল বৰপানী নৈৰ মথাউৰি

কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বহুকেইখন গাঁৱত বৰপানী নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে । বিগত দুটা দিনত পানী কিছু কমিছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াত পুনৰ প্লাবিত হৈ পৰে মাধৱপাৰা,জুৰিপাৰকে ধৰি বিস্তীৰ্ণ অঞ্চল ৷

বানৰ বিভীষিকা

ভগ্ন মথাউৰিৰ বাবে এইবাৰ কামপুৰৰ কৃষকে শালি খেতি কৰিব নোৱাৰাতো নিশ্চিত হৈ পৰিছে ৷ পূৰ্বৰ বাঢ়নী পানী বহু বাসগৃহৰ পৰা এতিয়াও আঁতৰি নোযোৱাত শিবিৰতে আছে বহু বানাক্ৰান্ত ৷ ইয়াৰ পাচতেই আকৌ পুনৰ পানী সোমোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্ত সকলৰ মাজত ৷

কামপুৰত বৰপানী নৈৰ তাণ্ডৱ

উল্লেখ্য যে,কামপুৰ অঞ্চলত কপিলী নৈৰ বানে প্ৰভাৱ পেলায় ৷ বৰ্তমানেও কপিলীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ থকাত ৰাইজ অধিক শংকিত হৈ পৰিছে ৷

লগতে পঢ়ক : আমগুৰি ব্যৱসায়ী সন্থাৰ তিনি দিনীয়া লক্ ডাউন

ABOUT THE AUTHOR

...view details