নগাঁও, 27 জানুৱাৰী :নগাঁৱৰ শেতালীবাসীৰ বাবে এটা ভাল খবৰ । বিশেষকৈ নগাঁৱৰ গ্ৰন্থ প্ৰেমীসকলৰ বাবে ভাল খবৰ (Bookstore opens in Nagaon) ৷ নগাঁৱত মুকলি হ’ল এখন গ্ৰন্থ বিপনী ৷ নতুনকৈ মুকলি হোৱা গ্ৰন্থ বিপনীখন হ’ল লক্ষ্মীপ্ৰভা প্ৰকাশন (Lakshmiprabha Prakashan in Nagaon) ৷ গণৰাজ্য দিৱসৰ দিনা মুকলি কৰা হয় এই গ্ৰন্থ বিপণীখন ৷ মতিৰাম কাকতি সাংস্কৃতিক আৰু শৈক্ষিক কেন্দ্ৰৰ অধীনত "লক্ষ্মীপ্ৰভা প্ৰকাশন" নামৰ এখনি গ্ৰন্থ বিপনন কেন্দ্ৰ নগাঁৱৰ শেতালি চাৰিআলিত বৃহস্পতিবাৰৰ দিনটোত মুকলি কৰা হয় । বৃহস্পতিবাৰে বিয়লিৰ ভাগত মুকলি কৰা হয় লক্ষ্মী প্ৰকাশন নামৰ নতুন গ্ৰন্থ বিপণীখন ৷ গ্ৰন্থ বিপণীখনৰ শুভ উদ্ধোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য সম্পাদক বাবুল বৰাই (Sankaradeva Sangha secretary)।
নগাঁৱত সদ্য মুকলিপ্ৰাপ্ত লক্ষ্মী প্ৰকাশন নামৰ গ্ৰন্থ বিপনীখনত বৃহত্তৰ শেতালি অঞ্চলবাসীয়ে লাভ কৰিবলৈ সক্ষম হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ সমূহ ৷ তদুপৰি নতুন এই গ্ৰন্থ বিপণীত উপলব্ধ হ’ব ধৰ্ম গ্ৰন্থৰ লগতে সাহিত্য সম্বন্ধীয় বিভিন্ন গ্ৰন্থ ৷ গ্ৰন্থ বিপণী উদ্বোধনৰ অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য সম্পাদক বাবুল বৰাই এই লক্ষ্মীপ্ৰভা প্ৰকাশনে সমগ্ৰ অঞ্চলটোৰে ধৰ্মীয়, শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ পৰিপূৰক হ'ব বুলি আশা প্ৰকাশ কৰাৰ লগতে স্বত্বাধিকাৰীৰ এনে প্ৰচেষ্টাৰ বাবে শলাগ লয় ।
উল্লেখযোগ্য যে, সমগ্ৰ অঞ্চলটোত বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিবৰ বাবে পুথি ভড়াঁলৰো ব্যৱস্থা কৰিছে স্বত্বাধিকাৰীয়ে ৷ শিশু, চেমনীয়া, ছাত্ৰ-ছাত্ৰী আনকি বয়োজেষ্ঠ সকলৰ বাবে এটি প্ৰসংগ পুথিভড়াঁলৰো ব্যৱস্থা এই লক্ষ্মীপ্ৰভা প্ৰকাশনত কৰা হৈছে বুলি জানিবলৈ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য সম্পাদক বাবুল বৰাই (Library opens in Nagaon) ।