অসম

assam

By

Published : Aug 8, 2022, 7:02 PM IST

ETV Bharat / state

Book released in Kampur: কামপুৰত উন্মোচন হ’ল 'জলপ্ৰলয়'

অসমৰ প্ৰলয়ংকাৰী বান বিভীষিকাক সমল কৰি বান পৰিস্থিতিৰ জীয়া ছবিখন দাঙি ধৰিবৰ বাবে যুৱ লেখক, সাংবাদিক ৰাজু সমীৰণে ৰচনা কৰিছে "জলপ্ৰলয়" নামৰ এখন গ্ৰন্থৰ লগতে "বানে ধোৱা চকুলো" শীৰ্ষক এটি দৃশ্যশ্ৰব্য গীত(Book released in Kampur)। উক্ত গ্ৰন্থখন উন্মোচন কৰে কামপুৰৰ চাৰিগৰাকী জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ, মোলান লস্কৰ, নীলকমল শইকীয়া আৰু নলিনী বৰঠাকুৰে ।

Book released in Kampur
কামপুৰত 'জলপ্ৰলয়' উন্মোচন

বঢ়মপুৰ, ৮ আগষ্ট: অসমৰ প্ৰলয়ংকাৰী বান বিভীষিকাক সমল কৰি বান পৰিস্থিতিৰ জীয়া ছবিখন দাঙি ধৰিবৰ বাবে যুৱ লেখক তথা সাংবাদিক ৰাজু সমীৰণে ৰচনা কৰিছে 'জলপ্ৰলয়' নামৰ এখন গ্ৰন্থৰ লগতে 'বানে ধোৱা চকুলো' শীৰ্ষক এটি দৃশ্যশ্ৰব্য গীত(Book released in Kampur)। কমল-কিৰণ গ্ৰন্থালয়ৰ উদ্যোগত শিক্ষাবিদ সুধাময় দাসৰ সভাপতিত্বত কামপুৰ স্বৰাজ ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ এখন সভাত গ্ৰন্থখন উন্মোচন কৰা হয় । উক্ত গ্ৰন্থখন উন্মোচন কৰে কামপুৰৰ চাৰিগৰাকী জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ, মোলান লস্কৰ, নীলকমল শইকীয়া আৰু নলিনী বৰঠাকুৰে ।

কামপুৰত 'জলপ্ৰলয়' উন্মোচন

উক্ত সভাত উপস্থিত থাকে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈ, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান কুমাৰ বৰুৱা, সম্পাদক ৰেৱত কুমাৰ হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি । সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট কবি, সাহিত্যিক তথা আৰক্ষী বিষয়া ড৹ নন্দ সিং বৰকলাই যুৱ লেখক ৰাজু সমীৰণৰ প্ৰয়াসক শলাগ লৈ 'জলপ্ৰলয়' গ্ৰন্থখন এখন দলিল হৈ ৰ'ব বুলি মন্তব্য কৰে (Dr Nand Singh Barkala present in meeting)।

আনহাতে, গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি ৰাজু সমীৰণৰ কথাৰে অঞ্জন ভূঞাৰ সুৰ আৰু কণ্ঠত 'বানে ধোৱা চকুলো' শীৰ্ষক এটি দৃশ্যশ্ৰব্য গীত মুকলি কৰা হয় । এই গীতটো মুকলি কৰে সংগীত শিল্পী গগন বৰুৱাই । সভাখনত কামপুৰৰ শতাধিক সাহিত্যনুৰাগী ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক:Azadi ka Amrit Mahotsav: BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details