অসম

assam

নগাঁৱত কাব্য গ্ৰন্থ উন্মোচন ফেচবুক গ্রুপৰ

By

Published : Feb 8, 2021, 10:32 AM IST

নগাঁৱত ফেচবুক গ্রুপ 'মৰম আৰু হেঁপাহৰ ঘৰ'ৰ প্ৰীতি সন্মিলন। সন্মিলনৰ লগত সংগতি ৰাখি প্ৰভাত শৰ্মাৰ 'পুৰৱী' কবিতা সংকলন উন্মোচন কৰা হয় ।

নগাঁৱত কাব্য গ্ৰন্থ উন্মোচন ফেচবুক গ্রুপৰ
নগাঁৱত কাব্য গ্ৰন্থ উন্মোচন ফেচবুক গ্রুপৰ

নগাঁও, ৮ ফেব্ৰুৱাৰী: নগাঁও সাহিত্য সভা ভৱনত 'মৰম আৰু হেঁপাহৰ ঘৰ' নামৰ ফেচবুক গ্ৰুপৰ দ্বিতীয় বাৰ্ষিক প্ৰীতি মিলন অনুষ্ঠিত হয় । ফেচবুক গ্রুপটোৰ প্ৰীতি সন্মিলনৰ লগত সংগতি ৰাখি প্ৰভাত শৰ্মাৰ 'পুৰৱী' কবিতা সংকলনখনি উন্মোচন কৰা হয় ।

নগাঁৱত কাব্য গ্ৰন্থ উন্মোচন ফেচবুক গ্রুপৰ

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা দিপাংকৰ শৰ্মাৰ লগতে গ্ৰুপৰ জেষ্ঠ সদস্যসকলে 'মৰম আৰু হেঁপাহৰ ঘৰ' নামৰ ফেচবুক গ্ৰুপটোৰ জৰিয়তে সৃষ্টিশীল কাম কৰাৰ উদ্দেশ্যে সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল । সামাজিক মাধ্যমত এই কৰ্মৰাজিসমূহ হেৰাই যাব বুলি আশংকা কৰি পুথি আকাৰে প্ৰকাশ কৰি ৰাইজৰ মাজত সজীৱ কৰিব বিচাৰিছে এইসকল সদস্যই।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি উদীয়মান শিল্পী বৃষ্টি বৰ্ণাৰ নৃত্য অনুষ্ঠানৰ উপৰিও কৰবী কটকী পূজাৰী,অনিমা দেৱী,চম্পা বৰা আদিৰ সংগীত অনুষ্ঠানেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। 'মৰম আৰু হেঁপাহৰ' এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে ।

লগতে পঢ়ক:পুনৰ নগাঁৱৰ ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা,নিহত এজন

ABOUT THE AUTHOR

...view details