অসম

assam

ETV Bharat / state

চাহ-কফি তথা গ্ৰন্থৰ সুুবাসৰ সৈতে আড্ডা দিব পাৰিব নগাঁৱৰ এই আড্ডা থলীত

এক বিশেষ আড্ডা, য’ত আপুনি লাভ কৰিব চাহ-কফিৰ লগতে গ্ৰন্থৰ সুবাস ৷ গ্ৰন্থ অধ্যয়নৰ এক নতুন আন্দোলন গঢ়ি উঠিছে এই আড্ডা আৰু আড্ডা থলীৰ মাজেৰে ৷ কিন্তু ক’ত আছে এই বিশেষ আড্ডা থলীটো, অধিক জানিবলৈ সবিশেষ পঢ়ক...

books at book nook cafe
চাহ-কফি আৰু গ্ৰন্থৰ সুুবাসৰ মাজেৰে এক বিশেষ আড্ডা

By

Published : Nov 15, 2021, 8:17 PM IST

নগাঁও, 15 নৱেম্বৰ : এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু এগৰাকী অধ্যাপকৰ প্ৰচেষ্টাত নগাঁৱত গঢ় লৈ উঠিছে এক বিশেষ আড্ডা থলী ৷ চাহ-কফিৰ মাজেৰে গ্ৰন্থ অধ্যয়নৰ এক বিপ্লৱ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে দুয়োগৰাকী ব্যক্তিয়ে ৷ দুয়োৰে এই ব্যতিক্ৰমী প্ৰচেষ্টাই ইতিমধ্যে আকৰ্ষিত কৰি তুলিছে মধ্য অসমৰ বৌদ্ধিক মহলক ৷ এই বিশেষ আড্ডাত আপুনি লাভ কৰিব পাৰিব চাহ-কফিৰ লগতে গ্ৰন্থৰ সুবাস ৷

সন্ধিয়া হোৱাৰ লগে লগে জমি উঠে এই বিশেষ আড্ডা থলীটো ৷ এয়া যেন গ্ৰন্থ অধ্যয়নৰ এক নতুন আন্দোলন গঢ়ি উঠিছে ৷ দুসপ্তাহ পূৰ্বে গঢ় লৈ উঠা এই আড্ডা থলীটোৰ ক’ত আছে জানেনে ? কিতাপৰ প্ৰতি মানুহক আকৰ্ষিত কৰি তুলিবলৈ নগাঁও চহৰৰ নতুন বজাৰৰ সমীপৰ কেঞাপট্টিত স্থাপন কৰা হৈছে আড্ডাৰে ভৰ-পূৰ এখন কেফে, যাৰ নাম হৈছে ‘Book Nook Cafe’ ৷

সাধাৰণ আড্ডাৰ মাজতো এই কেফেখনত পোৱা যায় কিছু ব্যতিক্ৰমী আৰু অসাধাৰণ আড্ডা । নগাঁও নিৱাসী জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বৰা আৰু অধ্যাপক বিজিত বৰঠাকুৰে এইখন ‘বুক নুক কেফে’ৰ জৰিয়তে আৰম্ভ কৰিছে গ্ৰন্থ অধ্যয়নৰ এক নীৰৱ বিপ্লৱ । এইখন বুক নুক কেফেত একাপ চাহ অথবা কফিৰ জুতি লোৱাৰ লগতে আপুনি বিচাৰি পাব মনে বিচৰা গ্ৰন্থসমূহ ।

চাহ-কফি তথা গ্ৰন্থৰ সুুবাসৰ সৈতে আড্ডা দিব পাৰিব নগাঁৱৰ এই আড্ডা থলীত

বুক নুক কেফেত আপুনি বিনামূলীয়াকৈ গ্ৰন্থ অধ্যয়ন কৰিব পাৰিব । লগতে পছন্দ অনুযায়ী গ্ৰন্থ ক্ৰয় কৰাৰ সুবিধাও লাভ কৰিব ৷ ন-কৈ গঢ় লৈ উঠা বুক নুক কেফেই ইতিমধ্যে লাভ কৰিছে যথেষ্ট সফলতা । ইতিমধ্যে তেজপুৰ, সৰ্থেবাৰী, কাজিৰঙা আদিৰ পৰাও বহু গ্ৰন্থপ্ৰেমী লোক আহিছে এইখন বিশেষ কেফেখনলৈ ।

বুক নুক কেফেত পাঠ্যক্ৰমৰ পৰা মহাকাব্যলৈ, বিশিষ্ট লোকৰ জীৱনীৰ পৰা বিশিষ্ট সাহিত্যিকৰ গ্ৰন্থসমূহ উপলব্ধ । আনকি শিশুৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিশু গ্ৰন্থৰো ব্যৱস্থা কৰিছে বুক নুক কেফেই । নগাঁও চহৰৰ মাজমজিয়াত থকা বুক নুক কেফেই ইতিমধ্যেই সাহিত্য সমাজৰ লগতে যুৱ প্ৰজন্মৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :উৰিয়ামঘাটত "Dust pollution" : ব্যতিব্যস্ত জনজীৱন

ABOUT THE AUTHOR

...view details