চামগুৰি, ১৫ ডিচেম্বৰ: উন্মোচন হ'ল নগাঁৱৰ পুৰণিগুদামস্থিত লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ তথা কবি-সাহিত্যিক কৃষ্ণ গোস্বামীৰ দুখন নতুন গ্ৰন্থ । ঐতিহ্যমণ্ডিত বাপুজী ভৱন আৰু পুথিভঁৰালত পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয় । গ্ৰন্থ উন্মোচনী সভাখনত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা স্বনাম ধন্য কবি শৰৎ বৰকটকীয়ে কৃষ্ণ গোস্বামী ৰচিত 'পদ্য উপপদ্য' নামৰ কবিতা পুথিখন উন্মোচন কৰে ।
নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি, প্ৰৱন্ধকাৰ পৰাণ বৰুৱাই কৃষ্ণ গোস্বামীৰ আনখন প্ৰবন্ধ গ্ৰন্থ 'বিচ্ছুৰিত অনুভৱ' আনুষ্ঠানিকভাৱে উন্মোচন কৰে । সভাখনত প্ৰাক্তন মন্ত্ৰী তথা বি কে বি মহাবিদ্যালয়ৰ অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা উপস্থিত থাকি গ্ৰন্থ দুখনে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে ভৱিষ্যতৰ দিনত দুয়োখন গ্ৰন্থয়ে অসমীয়া ভাষা-সাহিত্যৰ উত্তম সমল হিচাবে চিহ্নিত হ'ব বুলি মত প্ৰকাশ কৰে ।