কলিয়াবৰ, ১৪ ডিচেম্বৰ: কলিয়াবৰ কুঁৱৰীটোলৰ শাখা সাহিত্য সভাৰ কাৰ্যালয়ত দেওবাৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । এই সভাতে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ প্ৰাক্তন বিষয়া নলিন কুমাৰ বৰাৰ নতুন গ্ৰন্থ 'কলিয়াবৰৰ পৰা কাৰাকোৰাম' উন্মোচন কৰা হয় । কৰ্ম জীৱনৰ বৰ্ণিল অধ্যায়, প্ৰত্যাহ্বান, দুৰ্গম অঞ্চলত সীমান্ত আৰক্ষীৰ দুঃসাহসিক যাত্ৰা আদিৰ বিষয়ে গ্ৰন্থখনত লিখিছে নলিন কুমাৰ বৰাই ।
কলিয়াবৰত 'কলিয়াবৰৰ পৰা কাৰাকোৰাম' শীৰ্ষক গ্ৰন্থ উন্মোচন
দেওবাৰে উন্মোচন হ'ল ভাৰত-তীব্বত সীমান্ত আৰক্ষী বাহিনীৰ প্ৰাক্তন বিষয়া নলিন কুমাৰ বৰাৰ 'কলিয়াবৰৰ পৰা কাৰাকোৰাম' শীৰ্ষক নতুন গ্ৰন্থ । কৰ্ম জীৱনৰ অভিজ্ঞতাক এক সুন্দৰ ৰূপত প্ৰতিফলিত কৰি গ্ৰন্থ আকাৰে পাঠকৰ হাতত অৰ্পণ কৰিছে নলিন কুমাৰ বৰাই ।
নলিন কুমাৰ বৰাৰ 'কলিয়াবৰৰ পৰা কাৰাকোৰাম' শীৰ্ষক গ্ৰন্থ উন্মোচন
ভাৰত-তীব্বত সীমান্ত আৰক্ষী বাহিনীৰ উচ্চ-পদস্থ বিষয়া হিচাপে তেওঁ নানান অভিজ্ঞতাৰে পৰিপুষ্ট । এনে অভিজ্ঞতাকে গ্ৰন্থৰ পাতত সাঁচি ৰাখিছে প্ৰাক্তন বিষয়াগৰাকীয়ে । দেওবাৰে উন্মোচনী সভাত উপস্থিত থাকে অসমৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতিৰ লগতে সাহিত্য সভাৰ সমূহ বিষয়ববীয়া ।
লগতে পঢ়ক:শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী