অসম

assam

ETV Bharat / state

গ্ৰন্থৰ সুবাস বিচাৰি নেহেৰুবালিত গ্ৰন্থপ্ৰেমীৰ ভিৰ

হাড় কঁপোৱা জাৰত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাত ভিৰ গ্ৰন্থপ্ৰেমীৰ। ৰাইজে উপভোগ কৰিলে শিশু সকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ।

etv barat
গ্ৰন্থৰ সুবাস বিচাৰি নেহেৰুবালিত গ্ৰন্থপ্ৰেমীৰ ভিৰ

By

Published : Dec 24, 2019, 10:36 PM IST

নগাঁও, ২৪ ডিচেম্বৰঃ নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰন্থমেলা ।গ্ৰন্থ মেলাৰ লগতে শিশু সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন গীত মাত, কবিতা আবৃতি প্ৰতিযোগীতাৰ ।

গ্ৰন্থৰ সুবাস বিচাৰি নেহেৰুবালিত গ্ৰন্থপ্ৰেমীৰ ভিৰ
এফালে হাড় কঁপোৱা জাৰ আনফালে কা' বিৰোধী আন্দোলন । তাৰ মাজতে কলঙৰ বাকৰি নেহেৰুৱালীত চলি থকা গ্ৰন্থমেলাত ভিৰ কৰে গ্রন্থপ্ৰেমীয়ে। মঙলবাৰৰ দিনটো শিশুৰ কলৰৱত মুখৰ হৈ পৰিল নগাওঁ গ্ৰন্থমেলাৰ বাকৰি । নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত বৰ্ষৰ ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা নগাওঁ গ্ৰন্থমেলাত কল্লোলৰ প্ৰতিষ্ঠাপক সভাপতি মাধৱনন্দ মহন্তৰ সোঁৱৰণত উদযাপন কৰা হয় শিশু দিন হিচাপে । এই গ্ৰন্থমেলাত গ্ৰন্থৰ সুবাস বিচাৰি ভিৰ কৰে শিশু, পুৰুষ, মহিলাই । গ্ৰন্থ মেলাত অনুষ্ঠিত হোৱা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰে শিশু সকল ।

ABOUT THE AUTHOR

...view details