অসম

assam

ETV Bharat / state

নগাঁৱত দীপা কৰ্মকাৰক সাক্ষাৎ আয়ুস্মান খুৰানাৰ - বলিউদৰ অভিনেতা আয়ুস্মান খুৰানা

নগাঁৱত সাক্ষাৎ দেশৰ পৃথক ক্ষেত্ৰৰ দুই তাৰকাৰ ৷ নগাঁৱৰ এখন ধাবাত দীপা কৰ্মকাৰক সাক্ষাৎ কৰিলে বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই ৷ এখন নতুন হিন্দী ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে অভিনেতা গৰাকী ৷

bollywood actor ayushman khurana met deepa karmakar in nagaon
bollywood actor ayushman khurana met deepa karmakar in nagaon

By

Published : Feb 15, 2021, 2:23 PM IST

Updated : Feb 16, 2021, 2:57 PM IST

নগাঁও,15 ফেব্ৰুৱাৰী:নগাঁৱৰ এখন ধাবাত দীপা কৰ্মকাৰক সাক্ষাৎ বলীউডৰ ষ্টাৰ আয়ুস্মান খুৰানাৰ ৷ নগাঁৱৰ বাইপাছৰ এখন ধাবাত দেশৰ দুই তাৰকাৰ সাক্ষাৎ হয় । দুই তাৰকাৰ সাক্ষাতক লৈ উখল-মাখল হৈ পৰে নগাঁৱৰ বাইপাছৰ চাকদে ধাবা ।

এখন নতুন হিন্দী ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে অভিনেতা গৰাকী

উল্লেখ্য যে, এখন নতুন হিন্দী ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ অহা বলীউডৰ তাৰকা আয়ুস্মান খুৰানা শনিবাৰে নিশা হঠাৎ নগাঁৱৰ চাকদে ধাবাত উপস্থিত হয় । একে সময়তে নগাঁৱত উপস্থিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা দেশৰ আগশাৰীৰ জিমনাষ্টিয়ান দীপা কৰ্মকাৰক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰে বলীউডৰ তাৰকাগৰাকীয়ে ৷

দুয়োগৰাকী তাৰকাক ধাবাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন

পৰৱৰ্তী সময়ত নগাঁৱৰ ক্ৰীড়া সংগঠক তপন কুমাৰ দাসৰ তৎপৰতাত ধাবাখনতেই সাক্ষাৎ হয় দুই তাৰকাৰ ৷ অভিনয় জগতৰ আয়ুস্মান খুৰানা আৰু ক্ৰীড়া জগতৰ দীপা কৰ্মকাৰৰ উপস্থিতিত ধাবাখনৰ ভিতৰে বাহিৰে এক উখল-মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হয় । দুয়োগৰাকী তাৰকাক ধাবাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:নতুন অসমীয়া ছবি ‘একলব্য’ৰ প’ষ্টাৰ মুকলি

Last Updated : Feb 16, 2021, 2:57 PM IST

ABOUT THE AUTHOR

...view details