অসম

assam

By

Published : Jun 23, 2021, 10:17 PM IST

ETV Bharat / state

বলিদান দিৱস পালনৰে ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ

ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী জৱাহৰলাল নেহৰুৰ কেবিনেট মন্ত্ৰী আৰু ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল ৷ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি উপলক্ষে বুধবাৰে সমগ্ৰ দেশতে বলিদান দিৱস পালন কৰা হয় ।

bolidan divas celebrated in various places of assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিদান দিৱস পালন

নিউজ ডেস্ক, 23 জুন : ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি উপলক্ষে বুধবাৰে সমগ্ৰ দেশতে বলিদান দিৱস পালন কৰা হয় । ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী জৱাহৰলাল নেহেৰুৰ কেবিনেট মন্ত্ৰী আৰু স্বাধীন ভাৰতৰ প্ৰথমজন উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী আছিল । কিন্তু পিছত তেওঁ কুখ্যাত নেহৰু-লিয়াকত চুক্তিৰ বিৰোধিতা কৰি নেহৰুৰ মন্ত্ৰীসভা ত্যাগ কৰে । ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ বাবে জীৱন উৎসৰ্গা কৰিছিল ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিদান দিৱস পালন

নগাঁৱৰ বিৰহ-বেবেজীয়াস্থিত ভাৰতীয় জনতা পাৰ্টীৰ খাগৰিজান মণ্ডল সমিতিৰ কাৰ্যালয়ত বুধবাৰে বলিদান দিৱস উদযাপন কৰা হয় । বিজেপিৰ খাগৰিজান মণ্ডল সমিতিৰ সভাপতি হৰিচৰণ ডেকাই সভাত ড৹ শ্যামা প্ৰসাদ মুখার্জীৰ চিন্তাধাৰা আৰু ত্যাগৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে ভাৰতীয় জনতা দলৰ জন্ম, বিকাশ আৰু বৰ্তমানৰ কার্যাৱলীৰ বিষয়ে আলোকপাত কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি সভাৰ শেষত খাগৰিজান মণ্ডল সমিতিৰ কার্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হয় ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিদান দিৱস পালন

ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত গাঁও পঞ্চায়তৰ ৫৪ নং বুথতো বুধবাৰে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি শ্যামা প্ৰসাদ মুখাৰ্জীৰ স্মৃতিত বলিদান দিৱস পালন কৰা হয় ৷ ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাছতে ঘাঁহী মহিলা খেলপথাৰত গছপুলি ৰোপণ আৰু স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ গোলাঘাট জিলাৰ বৰপথাৰতো ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ বৰপথাৰ মণ্ডল সমিতিৰ উদ্যোগত পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ সভাগৃহত বলিদান দিৱস পালন কৰা হয় ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিদান দিৱস পালন

লগতে পঢ়ক :ৰাজ্যজুৰি পালন বলিদান দিৱস

ABOUT THE AUTHOR

...view details