ধিং,14 জানুৱাৰীঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ধিঙতো বড়ো জনগোষ্ঠীয় লোক সকলে উদযাপন কৰিছে ভোগালী বিহু ৷ ধিঙৰ বটাবাৰী গাঁৱৰ লোকসকলে একত্ৰিত হৈ বুধবাৰে উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই আনন্দ কৰা দেখা গ’ল ৷
ধিঙত বড়ো সম্প্ৰদায়ৰ লোক সকলে ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে ভোগালী বিহু - বড়ো সম্প্ৰদায়
ধিঙৰ বটাবাৰী গাঁৱৰ বড়ো সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হৈ বুধবাৰে উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাই আনন্দ কৰা দেখা গ’ল ৷
![ধিঙত বড়ো সম্প্ৰদায়ৰ লোক সকলে ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে ভোগালী বিহু ধিঙত বড়ো সম্প্ৰদায়ৰ লোক সকলে ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে ভোগালী বিহু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10235952-988-10235952-1610600694111.jpg)
ধিঙত বড়ো সম্প্ৰদায়ৰ লোক সকলে ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে ভোগালী বিহু
ধিঙত বড়ো সম্প্ৰদায়ৰ লোক সকলে ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে ভোগালী বিহু
উল্লেখযোগ্য যে, বটাবাৰী গাঁৱৰ মুঠ ১০৭ ঘৰ পৰিয়ালৰ প্ৰায় ৫০০ ত কৈ অধিক লোকে একত্ৰিত হৈ আনন্দ উল্লাহ কৰা দেখা গ’ল ৷ বড়ো জীয়ৰী-বোৱাৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধসকলেও পূৰ্বৰ পৰম্পৰা অটুট ৰাখি শাৰী পাতি বনাই গৈছে তিল পিঠা, তেল পিঠা, লাৰু, ভাপত দিয়া পিঠা । আনফালে পুৰুষ সকলেও ৰান্ধনি ঘৰৰ আৰ্হিত আটকধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰি তাতেই গাহৰি আৰু হাঁহৰ মাংস ৰান্ধি সকলোৱে মিলি-জুলি খালে উৰুকাৰ এসাঁজ ।
লগতে পঢ়কঃ পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ