নগাঁও,11ফেব্ৰুৱাৰী:যিসময়ত সমগ্ৰ অসমতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে,তেনে সময়তে ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা ৷ বৃহস্পতিবাৰে পুৱা নগাঁও চহৰৰ ভূঞাপট্টি দলঙৰ সমীপৰ পথৰ দাঁতিত হাতত ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী আৰক্ষী কনিষ্টবলৰ পুত্ৰ সুশীল বৰা নামৰ যুৱকজনৰ মৃতদেহ ৷ অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইপিনে,ঘটনাস্থলীত উপস্থিত হৈ নগাঁও আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহ প্ৰেৰণ কৰিছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ ৷
নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ
ড্ৰাগছ ৰম্যভূমিত পৰিণত নগাঁও ৷ হাতত ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ ৷ অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকৰ ৷
নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ
লক্ষণীয় বিষয় এইয়ে যে, বিগত সময়ছোৱাত নগাঁও আৰক্ষীয়ে ব্যাপক ৰূপত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হোৱাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু প্ৰশাসনৰ চকুত ধূলি দি বৰ্তমানেও একাংশ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷ আনহাতে ড্ৰাগছৰ এনে ৰমৰমীয়া বেহাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন মহলো ।