নগাঁও, ২৫ এপ্ৰিল: দেওবাৰে পুৱাই নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলীত সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ এখন যন্ত্ৰচালিত নাও বৰঘূলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু হয় এজনৰ । নাওখন পানীত ডুব যোৱাৰ লগে লগেই ছজন শ্ৰমিকে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও এজন শ্ৰমিক পাৰলৈ অহাত ব্যৰ্থ হয় ৷ ফলত মৃত্যু মুখত পৰে শ্ৰমিকজন । মৃত শ্ৰমিকজন বোকাখাতৰ নিকৰিখাটৰ কৃষ্ণ কুটুম বুলি জানিব পৰা গৈছে । ইতিমধ্যে কৃষ্ণ কুটুমৰ মৃতদেহটো এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিছে ।
কলিয়াবৰৰ নাও দুৰ্ঘটনাত মৃত্যু এজনৰ - কলিয়াবৰৰ বৰঘূলীত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা
পুৱাই ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা । কলিয়াবৰৰ বৰঘূলীত সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা । দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন শ্ৰমিকে । জিঅ' বেগ কঢ়িয়াই অনা যন্ত্ৰচালিত নাওখন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যোৱাৰ ফলত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় ।
![কলিয়াবৰৰ নাও দুৰ্ঘটনাত মৃত্যু এজনৰ কলিয়াবৰৰ নাও দুৰ্ঘটনাত মৃত্যু এজনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11531624-thumbnail-3x2-kjhv.jpg)
কলিয়াবৰৰ নাও দুৰ্ঘটনাত মৃত্যু এজনৰ
কলিয়াবৰৰ নাও দুৰ্ঘটনাত মৃত্যু এজনৰ
উল্লেখ্য যে, কলিয়াবৰৰ বৰঘূলীত ফ্লেক্সীটাফ নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানৰ জিঅ' বেগ সংস্থাপনৰ কামত নিয়োজিত আছিল ৭ জনকৈ শ্ৰমিক । শ্ৰমিককেইজনে জিঅ' বেগ কঢ়িয়াই অনা যন্ত্ৰচালিত নাওখন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যোৱাৰ ফলত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় ।
লগতে পঢ়ক: যাত্ৰীবাহী মেজিকে মহতিয়ালে পথচাৰীক