নিউজ ডেস্ক ,29 জুলাই :অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে বুধবাৰে সমগ্ৰ ৰাজ্যতে দেশভক্ত তৰুণৰাম ফুকনৰ 82 সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয় । দেশভক্ত তৰুণ ৰাম ফুকনৰ 82 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰক্ত দান শিবিৰ আয়োজন । কভিড প্ৰ'টকল ৰক্ষা কৰি ধিঙৰ নেতাজী পাঠ্যচক্ৰ সংস্থাটোৰ সৌজন্যত দেশভক্ত দিৱসৰ লগত সংগতি ৰাখি ৰক্ত দান শিবিৰ আয়োজন কৰিছে কেইগৰাকীমান উদীয়মান যুৱক-যুৱতীয়ে ।
দুটা বছৰে ক’ভিড সৃষ্ট পৰিবেশৰ বাবে সমগ্ৰ বিশ্বই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বিৰত থাকিব লগীয়া হৈছে । সেয়েহে এই পবিত্ৰ দিনটো বিশেষভাৱে আয়োজন কৰিব পৰা নাই যদিও অনুষ্টূপীয়াকৈ হ’লেও আয়োজন কৰিছে এটা মহৎ অনুষ্ঠান । আমি সকলোৱে জানো যে ৰক্তদান জীৱনদান । উল্লেখ্য যে, বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ বাবে বহু লোকে এটুপি তেজৰ কাৰণে বহু হতাশাত ভুগিবলগীয়া হয় ৷
ঠিক তেনে সময়তে ধিঙৰ এইসকল যুৱক যুৱতীৰ পদক্ষেপ সচাকৈয়ে শলাগ ল’বলগীয়া । উক্ত শিবিৰত সহায়ৰ বাবে আগবাঢ়ি অহা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কৃৰ্তৃপক্ষই জানবলৈ দিয়া মতে নগাঁও জিলাৰ দাঁতিকাষৰীয়া কেইবাখনো জিলাত তেজ যোগান ধৰিব লগীয়া হয় চিকিৎসালয়খনে ৷ সেয়েহে তেনে ক্ষেত্ৰত তেজৰ নাটনি হোৱা দেখিবলৈ পোৱা যায় বুলি মত পোষণ কৰে চিকিৎসালয়ৰ কৰ্তৃপক্ষই । উক্ত শিবিৰত ধিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে ৷