নগাঁও, ২৮ ডিচেম্বৰ: দৰিদ্ৰ ৰোগীৰ সহায়ৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে স্বেচ্ছাসেৱী সংস্থা 'মানৱ জীৱনে'। সোমবাৰে নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত সংস্থাটোৱে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষয়ো এই শিবিৰত সহযোগিতা আগবঢ়ায় ।
নগাঁও আইন মহাবিদ্যালয়ত ৰক্তদান শিবিৰৰ আয়োজন
সোমবাৰে নগাঁও আইন মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰক্তদান শিবিৰ । স্বেচ্ছাসেৱী সংস্থা 'মানৱ জীৱন'ৰ উদ্যোগত দৰিদ্ৰ ৰোগীৰ সহায়ৰ অৰ্থে ৰক্তদান শিবিৰৰ আয়োজন । আজিৰ শিবিৰত ৰক্তদান কৰে ৩০ গৰাকীৰো আধিক ছাত্ৰ-ছাত্ৰীয়ে ।
নগাঁও আইন মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰক্তদান শিবিৰ
ৰক্তদান শিবিৰত নগাঁও আইন মহাবিদ্যালয়ৰ লগতে নগাঁৱৰ অন্যান্য মহাবিদ্যালয়ৰ ৩০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে ৰক্তদান কৰে । ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়োৱা সহযোগিতাই বহু দৰিদ্ৰ ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সকাহ দিব বুলি আশাবাদী স্বেচ্ছাসেৱী সংস্থা 'মানৱ জীৱন'ৰ বিষয়ববীয়া ।
লগতে পঢ়ক:ৰাইজৰ দলৰ নেতা কমল মেধিৰে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ...