অসম

assam

বিজেপি প্ৰাৰ্থীৰ হাতলৈ যাব নেকি কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ পাঁচোটা সমষ্টি !

By

Published : Jan 21, 2021, 10:57 PM IST

শীৰ্ষ নেতৃবৰ্গৰ উপস্থিতিত কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত পাঁচোটা বিধানসভা সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী তোলে বিজেপিৰ নেতা-কৰ্মীয়ে। বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল, ৰাষ্ট্ৰীয় উপ-সভাপতি তথা উত্তৰ-পূৱৰ সহ-প্ৰভাৰী পৱন শৰ্মাৰ উপস্থিতিতে উত্থাপন দাবী।

assam election
assam election

কলিয়াবৰ, 21 জানুৱাৰী :বৃহস্পতিবাৰে কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ বিশেষ সাংগঠনিক সভা ৷ দলীয় কলিয়াবৰ জিলাৰ বিশেষ সাংগঠনিক সভাত উপস্থিত হৈ নেতা-কৰ্মীক সম্বোধন কৰে বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামেৱাল, ৰাষ্ট্ৰীয় উপ-সভাপতি তথা উত্তৰ-পূৱৰ প্ৰভাৰী পৱন শৰ্মাই । অসম চাহ নিগমৰ উপাধ‍্যক্ষ সীমাঞ্চল দীগাল, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, জিলা প্ৰভাৰী দেৱজিত বৰা, ৰাজ‍্যিক বিজেপিৰ সদস‍্য কৰুণা কুমাৰ ভূঞাকে ধৰি বহু নেতা-কৰ্মী উপস্থিত থাকে এই সভাত ।

কলিয়াবৰত বিজেপিৰ সভা

তৃণমূল পৰ্য‍ায়ৰ পৰা দলৰ সংগঠন শক্তিশালী কৰাৰ বাবে দুই শীৰ্ষ নেতাই বুথ পৰ্য‍ায়ৰ দলীয় কৰ্মীৰ পৰা জিলা পৰ্য‍ায়ৰ কৰ্মী সকলৰ সৈতে সাংগঠনিক বাৰ্তালাপত মিলিত হয় । দলীয় কাম-কাজত অধিক সক্ৰিয় আৰু তৎপৰ হ'বলৈ ভালেমান পৰামৰ্শ আগবঢ়াই দুই নেতাই । কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ কলিয়াবৰ, চামগুৰি, ৰূপহী, ধিং আৰু বটদ্ৰৱা সমষ্টিৰ দলীয় বিষয়-ববীয়া তথা কৰ্মীৰ বিশেষ সাংগঠনিক সভাত বিজেপি দলৰ মিচন ১০০+ ক বাস্তৱত ৰূপায়ণ কৰাৰ সঠিক কাৰ্য‍পন্থা হাতত লৈ শক্তিশালী ৰূপত ৰাইজৰ কাষ চাপিবলৈ আঁচনি প্ৰস্তুত কৰাৰ ওপৰত সমূহীয়াকৈ গুৰুত্ব প্ৰদান কৰে ।

বিজেপি প্ৰাৰ্থীৰ হাতলৈ যাব নেকি কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ পাঁচোটা সমষ্টি !

বিশেষকৈ কলিয়াবৰ জিলা অন্তৰ্গত পাঁচোটা বিধান সভা সমষ্টিত বিজেপি তথা মিত্ৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰোৱাৰ লক্ষ‍্যত উপনীত হ'বলৈ দলীয় নেতা-কৰ্মীৰ সক্ৰিয়তাৰ বিষয়ে আলোকপাত কৰে শীৰ্ষ নেতৃত্বই । আগন্তুক বিধানসভা নিৰ্বাচনত কেৱল নিজ দলীয় প্ৰাৰ্থীয়েই নহয়, মিত্ৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰাবলৈ বদ্ধপৰিকৰ হ'বলৈ আহ্বান জনায় দুই শীৰ্ষ নেতাই ।
সভাত কলিয়াবৰ লোকসভা সমষ্টি অন্তৰ্গত পাঁচোটা বিধানসভা সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থী ঠিয় কৰোৱাৰ দাবীৰ ক্ষেত্ৰত পোনপটীয়াকৈ কোনো ব‍্যখ‍্যা আগ নবঢ়ালেও মিত্ৰদলকো সমানেই সুবিধা দিয়াৰ ক্ষেত্ৰত এক যোগাত্মক দৃষ্টিভংগী আগবঢ়ায় । তৎস্বত্বেও, কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহ আগন্তুক নিৰ্বাচনত মিত্ৰ দলক এৰি দিবলৈ কোনো প্ৰকাৰে মান্তি নোহোৱা, তথা কমেও চাৰিটা সমষ্টিত বিজেপি প্ৰাৰ্থী বিজয়ী কৰোৱাৰ দাবী উত্থাপন কৰা অৱস্থাত শীৰ্ষ দলীয় নেতাৰ সিদ্ধান্ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :দেশৰ প্ৰথমটো গ্ৰীণ ষ্টুডিঅ’ হিচাপে পৰিগণিত জ্যোতি চিত্ৰবন

ABOUT THE AUTHOR

...view details