অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে ! - BJP workers cut down trees to welcome Chief Minister! at Nagaon Samoguri etv bharat assam

গছ কাটি মুখ্যমন্ত্ৰীক আদৰাৰ ব্যাপক প্ৰস্তুতি লাওখোৱাত। গছ কটাক কেন্দ্ৰ কৰি সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়া। ব্যৱস্থা গ্ৰহণৰ দাবী।

মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে !
মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে!

By

Published : Oct 15, 2020, 8:04 PM IST

Updated : Oct 15, 2020, 9:43 PM IST

নগাঁও,15 অক্টোবৰঃ অহা ২০ অক্টোবৰত বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দলীয় সভাত মুখ্যমন্ত্ৰীক আদৰাৰ বাবে ইতিমধ্যে চামগুৰিৰ শালপাৰাত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে দলটোৰ নেতা কৰ্মীয়ে। কিন্তু মুখ্যমন্ত্ৰীক আদৰাৰ নামত সকলো নীতি নিয়ম ভৰিৰে মোহাৰি দলটোৰ একাংশই সংঘটিত কৰিলে এক আজৱ ঘটনা । এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত লাওখোৱা অভয়াৰণ্যৰ অধীনত থকা বনগাঁও খেলপথাৰতে অনুষ্ঠিত হ'বলগা মুখ্যমন্ত্ৰীৰ সভাৰ বাবেই কাটি পেলোৱা হ'ল কেইবাজোপা গছ।

মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে!

প্ৰাকৃতিক সম্পদ ধ্বংস কৰি খোদ মুখ্যমন্ত্ৰীক আদৰাৰ বাবে চলোৱা প্ৰস্তুতিক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। চোৰাং চিকাৰী আৰু কাঠ ব্যৱসায়ীৰ কৱলত পৰি ক্ৰমাৎ মৃত্যুমুখলৈ গতি কৰা অভয়াৰণ্যখনে ঠন ধৰি উঠাৰ সময়তে দলীয় সভাৰ বাবে গছ কাটি এনেদৰে তহিলং কৰা কাৰ্য সহজভাৱে ল'ব পৰা নাই প্ৰকৃতিপ্ৰেমীসকলে। এই ঘটনাৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে সচেতন লোকসকলে।

মুখ্যমন্ত্ৰীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি
কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ? খোদ শাসকীয় দলৰ নেতা পালিনেতাই সংঘটিত কৰা বনজ সম্পদ ধ্বংসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ'ব জানো বন বিভাগৰ ? সাধাৰণ লোক হোৱা হ'লে হয়তো ইমান সময় আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিলেহেতেন ৷ এই প্ৰশ্নৰ উত্তৰ ৰাইজে বিচাৰিছে ৷
মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে !

লগতে চাওকঃ মৰিগাঁৱত উন্নয়ন আঁচনিৰ ধন হৰলুকীৰ অভিযোগ

Last Updated : Oct 15, 2020, 9:43 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details