নগাঁও,18 ডিচেম্বৰ: ড্ৰাই ডে'ত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰি আৰক্ষীৰ জালত এগৰাকী বিজেপি কৰ্মী ৷ অবৈধভাৱে বিলাতী সুৰা বিক্ৰীৰ কৰাৰ বাবে নগাঁৱৰ শেনচোৱা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ মেম্বাৰ তুলন দাসক আটক কৰে নগাঁও আৱকাৰী বিভাগে ৷
বিজেপি কৰ্মীও এতিয়া নামি পৰিছে সুৰাৰ অবৈধ ব্যৱসায়ত ! - ৱাৰ্ড মেম্বাৰ
বৃহস্পতিবাৰে নগাঁও আৱকাৰী বিভাগে আটক কৰে এগৰাকী বিজেপি কৰ্মীক ৷ ড্ৰাই ডে'ত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰিছিল শেনচোৱা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ মেম্বাৰ তুলন দাসে ৷
![বিজেপি কৰ্মীও এতিয়া নামি পৰিছে সুৰাৰ অবৈধ ব্যৱসায়ত ! bjp worker arrested with wine](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9917620-122-9917620-1608253314495.jpg)
ড্ৰাই ডে'ত সুৰা বিক্ৰী কৰি আৰক্ষীৰ জালত বিজেপি কৰ্মী
বিজেপি কৰ্মীও এতিয়া নামি পৰিছে সুৰাৰ অবৈধ ব্যৱসায়ত !
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা তুলন দাসে নগাঁও চহৰত অবৈধ ভাৱে বিলাতী সুৰাৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ আছিল পূৰ্বৰে পৰা ৷ বৃহস্পতিবাৰে নগাঁও আৱকাৰী বিভাগে ৱাৰ্ড মেম্বাৰজনৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে আটক কৰিলে তুলন দাসক ৷