নগাঁও,28 জুলাই: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাভ জেহাদ সম্পৰ্কে কৰা মন্তব্যত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে থানাই থানাই দাখিল কৰিছে এজাহাৰ ৷ লাভ জেহাদৰ প্ৰসংগ টানি শ্ৰীকৃষ্ণক লৈ বিতৰ্কিত মন্তব্য কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি ৷ এইবাৰ ভূপেন বৰাৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
শুকুৰবাৰে নগাঁৱত উপস্থিত হৈ কংগ্ৰেছক সমালোচনা কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ভূপেন বৰাক কটাক্ষ কৰি কয়, ‘তেওঁলোকে ধৰ্ম নিৰপেক্ষ বুলি কৈ থাকে ৷ কিন্তু ধৰ্ম নিৰপেক্ষ দলৰ নেতাৰ এনে মন্তব্য কিমান গ্ৰহণযোগ্য ৷ কংগ্ৰেছে ভোটৰ বাবে ৰাজপথতো উলংগও হ’ব পাৰে ৷ আমাক কয় থাকে আমি হিন্দু মুছলমানৰ ৰাজনীতি কৰো বুলি ৷ কিন্তু তেওঁলোকেহে এতিয়া সাম্প্ৰদায়িক ৰাজনীতি কৰিছে ৷ এটা সম্প্ৰদায়ৰ পৰা ভোট পোৱাৰ আশাত সনাতন ধৰ্মক আঘাত হানিছে ৷ এয়া আমাৰ বাবে লজ্জাজনক কথা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে ৷ তাত তেওঁলোকে সমৰ্থন নকৰি ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী বুলিহে আখ্যা দি নিজৰ স্বৰূপ উদঙাই দিছে ৷ সনাতন ধৰ্মক আঘাত কৰিছে তেওঁ ৷ তেওঁ সনাতন ধৰ্মত বিশ্বাসী নে ঔৰংগজেৱৰ বংশধৰ আমি গম পোৱা নাই ৷’