কলিয়াবৰ,26 মাৰ্চ:আত্মনিৰ্ভৰ অসমৰ বাবে 10 টাকৈ সংকল্প লৈ কলিয়াবৰত বিজেপিয়ে প্ৰকাশ কৰিলে অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ সংকল্প পত্ৰ ৷ বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক প্ৰচাৰ কোষৰ বিষয়ববীয়া ঋতুপৰ্ণ তামূলী ফুকনে এখন সংবাদমেল সম্বোধন কৰি সংকল্প পত্ৰ প্ৰকাশ কৰে ৷ মূলতঃ ৰাজ্যৰ বান সমস্যা, এনআৰচি, সমষ্টিৰ সীমা নিৰ্দ্ধাৰণ, সংস্থাপন তথা ছাত্ৰ-ছাত্ৰীৰ সুবিধা আদি বিভিন্ন বিষয়ক প্ৰাধান্য দি এই সংকল্প পত্ৰ প্ৰকাশ কৰা হৈছে ৷
10 টাকৈ সংকল্প লৈ কলিয়াবৰত বিজেপিয়ে প্ৰকাশ কৰিলে অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ সংকল্প পত্ৰ সংবাদমেলখনৰ জড়িয়তে বিজেপিৰ প্ৰচাৰ কোষৰ বিষয়ববীয়া গৰাকীয়ে ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে বিজেপিয়ে লোৱা বিভিন্ন লক্ষ্যৰ বিষয়ে জানিবলৈ দিয়ে ৷ সংকল্প পত্ৰত উল্লেখ কৰা মতে, অৰুণোদয় আঁচনিৰ মাহিলী ৰাশি 830 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰাৰ লগতে এই ক্ষেত্ৰত অসমৰ 30 লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য বিজেপিয়ে গ্ৰহণ কৰিছে ৷
দলটোৱে গ্ৰহণ কৰা অন্য কিছুমান লক্ষ্য হ'ল ক্ৰমে- অসমৰ সত্ৰৰ ভূমি আৰু জনজাতীয় উপাসনাস্থলী সমূহক বেদখলমুক্ত তথা নামঘৰ, মঠ-মন্দিৰৰ সংৰক্ষণৰ বাবে টাস্ক ফৰ্চ গঠন কৰা আৰু শিশুসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ সকলো শিশুৰে সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ চাইকেল বিতৰণ কৰা ৷ সংশোধিত এনআৰচিৰ জড়িয়তে অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলাৰ সংকল্প, এনআৰচি শৃংখলাবদ্ধভাবে প্ৰস্তুত কৰি ভাৰতৰ প্ৰকৃত নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্য ৷ সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমবাসীক ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনৰে অসমক আত্মনিৰ্ভশীল কৰি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি। 'অসম আহাৰ আত্মনিৰ্ভৰতা আঁচনি'ৰ জৰিয়তে মীন, পশু-পালন, উদ্যান শস্যৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদানৰ সংকল্প ৷ অসমক ভাৰতৰ দ্ৰুত কৰ্মসংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লগতে এক লাখ চৰকাৰী চাকৰি আৰু 8 লাখ বেচৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্য ৷
উল্লেখ্য যে, বৰ্তমানৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাই সংকল্প পত্ৰত স্থান লাভ কৰা দেখা নগ'ল ৷ ৰাজ্যৰ মৃতপ্ৰায় উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰা আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ সন্দৰ্ভত সংকল্প পত্ৰত কোনো উল্লেখ দেখা নগ'ল লগতে নিৰ্বাচনী সভাত স্থান নোপোৱাৰ দৰে 'কা' ৰ বিষয়ৰ পৰাও আঁতৰি থকা দেখা গ'ল বিজেপিক ৷ এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অনাগত সময়ছোৱাত বিজেপিয়ে এইসমূহ বিষয়ত গুৰুত্ব দিব বুলি বিজেপিৰ প্ৰচাৰ কোষৰ বিষয়ববীয়া গৰাকীয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক:শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে