নগাঁও, ২৬ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । ৰাজ্যত উন্নয়নমূলক কাম কৰাক লৈ এটা দলে আনটো দলক সমলোচনাৰে থকা-সৰকা কৰিছে । এফালে, বিজেপিয়ে কংগ্ৰেছৰ শাসন কালত দুৰ্নীতি, অপশাসন হোৱাৰ অভিযোগ তুলিছে আনহাতে, কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে, বিজেপিয়ে ৰাজ্যত উন্নয়নমূলক কাম কৰাত হেমাহি কৰিছে ।
এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । তেওঁ কয় যে, বিজেপিয়ে কৰা উন্নয়নমূলক কাম দেখা নোপোৱা কংগ্ৰেছৰ বাবে চছমাজ্যোতি আঁচনি গ্ৰহণ কৰিব লাগিব । কেৱল নগাঁও সদৰ সমষ্টিতে নহয়, বিজেপিৰ শাসন কালত ৰাজ্যৰ মুঠ ১২৬টা সমষ্টিত সম উন্নয়ন হৈছে । বিজেপিৰ বিধায়ক থকা সমষ্টিৰ সমান্তৰালকৈ বিৰোধী বিধায়কৰ সমষ্টিতো চৰকাৰে সমানে পুঁজিৰ আবন্টন দিছে ।