অসম

assam

ETV Bharat / state

মোদীজী য’ত থাকিব তাত কোনো শক্তিশালী হৈ নাথাকিব: ভৱেশ কলিতা - লোকসভা নিৰ্বাচন

লোকসভা নিৰ্বাচনত ভাৰতত ইতিহাস ৰচিব বিজেপিয়ে ৷ ৰহাত বিজেপি অনুসূচিত জাতি মৰ্চাৰ জনসভাত ভৱেশ কলিতা ৷

BJP president BHABESH Kalita takes part in Padyatra at Raha
অনুসূচিত জাতি মৰ্চাৰ জনসভা

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 8:24 PM IST

অনুসূচিত জাতি মৰ্চাৰ জনসভা

ৰহা, 4 জানুৱাৰী : ৰহাত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ পদযাত্ৰা কাৰ্যসূচী । বিগত ২৭ ডিচেম্বৰৰ পৰা বিজেপিৰ অনুসূচীত জাতি মৰ্চাই ৰাজ্যজুৰি আৰম্ভ কৰে পদযাত্ৰা ৷ এই পদযাত্ৰাৰ অংশস্বৰূপে ৰহাতো দুদিনীয়াকৈ এই পদযাত্ৰা অনুষ্ঠিত কৰা হয় । ৰহাত বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়াৰ উদ্দেশ্যে অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰৰ নেতৃত্বত চলোৱা এই পদযাত্ৰাৰ শেষত বৃহস্পতিবাৰে ৰহাৰ পুৰণা চাৰিআলিত অনুষ্ঠিত কৰা হয় এক জনসভা ।

বিজেপিৰ এই জনসভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । জনসভাখনত ভাষণ দি ৰাজ্যিক সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ কথা কয় ৷ তেওঁ ভাৰতবৰ্ষ তথা অসমৰ উন্নয়নৰ এক খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ বিৱৰণো দাঙি ধৰে । আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ’ব বুলি মন্তব্য কৰি এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ ভাৰততে বিজেপিয়ে ইতিহাস ৰচিব বুলিও মন্তব্য কৰে ।

নিৰ্বাচন সংক্ৰান্তীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত কোনটো দলে শক্তিশালী প্ৰাৰ্থী দিব বুলি তেওঁ কটাক্ষ কৰে কংগ্ৰেছ দলক ৷ তেওঁৰ ভাষ্য অনুসৰি, মোদীৰ সন্মুখত আন কোনো শক্তিশালী নেতা নাই ৷

ডিমা হাছাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো বিজেপিয়ে আটাইকেইখন আসন লাভ কৰিব বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । জনসভাখনত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৰহা সমষ্টিৰ ২৫গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । এই জনসভাতে অসম জাতীয় পৰিষদৰ অৰ্ধ শতাধিক কৰ্মকৰ্তাই ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰে ।

লগতে পঢ়ক :অসমৰ বৃহত্তৰ স্বাৰ্থত আলোচনাত বহক পৰেশ বৰুৱা: ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details