অসম

assam

ETV Bharat / state

বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উচ্ছেদ প্ৰশাসনৰ - অস্থায়ী নিৰ্বাচনী কাৰ্যালয়

নগাঁৱৰ ৰূপহীহাটত চৰকাৰী ভূমিত নিৰ্মাণ কৰা বিজেপিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় উচ্ছেদ কৰিলে প্ৰশাসনে । জুৰীয়াৰ কছাৰীগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত স্থাপন কৰা হৈছিল কাৰ্যালয়টো ।

ৰূপহীহাটত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উচ্ছেদ প্ৰশাসনৰ
ৰূপহীহাটত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উচ্ছেদ প্ৰশাসনৰ

By

Published : Mar 15, 2021, 3:26 PM IST

ৰূপহীহাট,১৫ মাৰ্চ: সোমবাৰে নগাঁৱৰ ৰূপহীহাটত প্ৰশাসনে উচ্ছেদ কৰিলে বিজেপিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় । নিৰ্বাচনী বিধি উলংঘা কৰি চৰকাৰী ভূমিত এই কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছিল । বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে ৰূপহীহাটৰ জুৰীয়াৰ কছাৰীগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত স্থাপন কৰিছিল কাৰ্যালয়টো ।

ৰূপহীহাটত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উচ্ছেদ প্ৰশাসনৰ

চৰকাৰী অনুষ্ঠানত দলীয় প্ৰচাৰ কেন্দ্ৰ স্থাপন কৰাক লৈ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল । পাছত বিষয়টো স্থানীয় প্ৰশাসনক অৱগত কৰাত ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত প্ৰশাসনৰ এটা দলে উচ্ছেদ কৰে বিজেপিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয়টো ৷

ৰূপহীহাটত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উচ্ছেদ প্ৰশাসনৰ

ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্বাচন সম্পৰ্কীয় কেতবোৰ নিৰ্দেশনা পূৰ্বেই জাৰি কৰিছে যদিও একাংশ ৰাজনৈতিক দলৰ কৰ্মীয়ে এই নিৰ্দেশনাক অৱমাননা কৰিছে । আনহাতে, নিৰ্বাচনৰ দিন ঘোষণা হোৱা দিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

লগতে পঢ়ক: শিলঘাট ধিং মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম

ABOUT THE AUTHOR

...view details