নগাঁও, 8 মাৰ্চ : 'চৰকাৰে শিপিনী সকললৈ অনুদান হিচাবে আগবঢ়োৱা তাঁতশাল একেবাৰে বেয়া । দুৰ্নীতিগ্ৰস্ত মানুহবোৰে বেয়া তাঁতশালেই দিয়ে । মানুহে কিয় বা আশা কৰে ? ৰাইজে এই অনুদানৰ আশা কৰা উচিত নহয় - এই মন্তব্য কোনো বিৰোধী দলৰ নহয়, শাসকীয় দলৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷ চৰকাৰে যোগান ধৰা তাঁতশাল বিতৰণত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা কথা বুধবাৰে এক অনুষ্ঠানত মুকলিকৈ স্বীকাৰ কৰিলে সাংসদগৰাকীয়ে ৷ উদঙালে নিজ চৰকাৰৰে দুৰ্নীতিৰ কথা (BJP MP Disclosed State’s Handloom Corruption at Kaliabor) ৷
শেহতীয়াভাৱে ৰাজ্যৰ বিজেপি চৰকাৰখনে ৰাজ্যত নিষিদ্ধ কৰিছে পাৱাৰলুম তথা বহিঃৰাজ্যৰ গামোচা । থলুৱা শিপিনীসকলক থলুৱা বজাৰখন দিয়া তথা শিপিনীসকলক আৰ্থিকভাৱে সৱল কৰাৰ উদ্দেশ্যৰেই ৰাজ্য চৰকাৰখনে এনে ব্যৱস্থা গ্ৰহণ কৰে ৷ আজি ফল্গুৎসৱ উপলক্ষে নগাওঁ জিলাৰ কলিয়াবৰস্থিত সৌভাগ্য মাধৱ দেৱালয়লৈ এটি কাৰ্যালয়ৰ দ্বাৰ মুকলি অনুষ্ঠানত সাংসদগৰাকীয়ে অংশগ্ৰহণ কৰি এই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই (BJP MP Disclosed govt Corruption) ৷