নগাঁও, 7 জুলাইঃ মিছন 90 ত নাই ৰূপহীহাট সমষ্টি । ৰূপহীহাটত অনুষ্ঠিত বিজেপিৰ সদস্যতা অভিযান সভাত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ । বহু খালী চকীৰ সন্মুখতেই দেওবাৰে নগাঁৱৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কঢ়ালীগাঁৱত অনুষ্ঠিত বিজেপিৰ সদস্যতা অভিযানত এনেদৰে ভাষণ প্ৰদান কৰিলে ৰঞ্জিত দাসে । আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যে কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট উদ্ধাৰ কৰিব নোৱাৰিব একপ্ৰকাৰ তাৰেই যেন ইংগিত দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । লগতে ভাষণ প্ৰসংগত ৰঞ্জিত দাসে উপস্থিত লোকসকলক মিছ কলৰ জৰিয়তে সদস্যভৰ্তি হ'বলৈয়ো আহ্বান জনায় ।
বিজেপিৰ মিছন 90 ত নাই ৰূপহীহাট ! - অসম নিউজ
বহু খালী চকীৰ সন্মুখতেই দেওবাৰে নগাঁৱৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কঢ়ালীগাঁৱত অনুষ্ঠিত বিজেপিৰ সদস্যতা অভিযানত এনেদৰে ভাষণ প্ৰদান কৰিলে ৰঞ্জিত দাসে । আগন্তক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যে কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট উদ্ধাৰ কৰিব নোৱাৰিব একপ্ৰকাৰ তাৰেই যেন ইংগিত দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
বিধায়ক শিলাদিত্যই অভিযোগ উত্থাপন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপি সভাপতি গৰাকীয়ে ৷ তথ্য সহকাৰে ছিণ্ডিকেটৰ অভিযোগ মুখ্যমন্ত্ৰীক দিবলৈ শিলাদিত্যক আহ্বান জনায় ৰঞ্জিত দাসে ৷
আনহাতে, শেহতীয়াকৈ চৰ্চা লাভ কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদান সন্দৰ্ভত ৰঞ্জিত দাসৰ স্পষ্ট মন্তব্য পূৰ্ব চৰ্ত দিয়া কোনো লোকক দিয়া ন'হব বিজেপিত যোগদানৰ সুবিধা । একেখন সভাতে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনৰ লগতে বিধায়ক নুৰুল হুদাক কটাক্ষ কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই ।