অসম

assam

ETV Bharat / state

জুৰীয়াত খালী চকীৰ সন্মুখতেই ভাষণ নেতাৰ

সামাজিক দুৰত্ব ভালকৈয়ে মানিলে জুৰীয়াৰ বিজেপিৰ এখন সভাত । ৯০ শতাংশ খালী চকীৰ সন্মুখতেই ভাষণ প্ৰদান কৰিলে নেতাই ।

BJP MEETING AT NAGAON
জুৰীয়াত খালী চকীৰ সন্মুখতেই ভাষণ নেতাৰ

By

Published : Nov 12, 2020, 12:42 PM IST

নগাঁও,12 নৱেম্বৰ:আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ধৰ্মীয় সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে শাসকীয় দল বিজেপিয়ে। সংখ্যালঘু অধ্যুষিত ৰূপহীহাট বিধানসভা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । জুৰীয়াৰ সুঁতিৰপাৰত ন বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজে আজি আয়োজন কৰা এখন সভাত সামাজিক দূৰত্ব ভালকৈয়ে মানিলে জুৰীয়াৰ জনতাই ৷ সভাত ৯০ শতাংশ খালী চকীৰ সন্মুখতেই ভাষণ প্ৰদান কৰিলে নেতাই । বিজেপিৰ নিৰ্বাচনী সভাখনত উপস্থিত আছিল জামাত ই উলেমা হিন্দৰ কেন্দ্ৰীয় নেতা ৱাজহত কাছিমি । দলটোৰ একাংশ নেতাৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবেই হয়তো সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোত খালী চকীৰ সন্মুখতেই ভাষণ দিব লগীয়া হ’ল কেন্দ্ৰীয় পৰ্যায়ৰ এগৰাকী নেতাই।

জুৰীয়াত খালী চকীৰ সন্মুখতেই ভাষণ নেতাৰ

ABOUT THE AUTHOR

...view details