নগাঁও,20 আগষ্ট: মনৰ ভিতৰত উমি উমি জ্বলি থকা জুয়ে ভয়ংকৰ ৰূপ ল’ব নেকি ! যদি সেইয়া হয় তেতিয়া হ’লে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিত ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে ৷ ন বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত চলি থকা সংঘাতে বাৰুকৈ অস্বস্তিত পেলাইছে ৰাজ্যিক বিজেপিৰ নেতৃত্বক ৷ ন বিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত নিৰ্মূলৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে ৷
সেয়ে মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব নগাঁৱৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে । কেবিনেট মৰ্যাদা সম্পন্ন খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদ ত্যাগ কাৰৰ পাচতে অসম বিজেপিত ধুমুহা বলিছিল ৷ সেয়ে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইক দিল্লীলৈ তলব কৰিছে গৃহমন্ত্ৰীয়ে ৷ দেওবাৰে দিল্লীলৈ যাত্ৰা কৰাৰ পূৰ্বে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিলে ৰাজেন গোহাঁইয়ে ৷
দিল্লীলৈ কিয় যাব ! কিয় মুখ্যমন্ত্ৰীয়ে 7 বাৰকৈ ফোন কৰিছিল সকলো বৰ্ণনা কৰিলে ৰাজেন গোহাঁইয়ে ৷ তেওঁ কয়, ’’মুখ্যমন্ত্ৰীয়ে মোক শনিবাৰে ৭বাৰ ফোন কৰিছিল । তেঁও মোক অমিত শ্বাহক ফোন কৰিবলৈ অনুৰোধ জনালে । মোৰ হাতত অমিত শ্বাহৰ নম্বৰ নাছিল যদিও মুখ্যমন্ত্ৰীয়ে মোক অমিত শ্বাহৰ নম্বৰ দিলে । মই অমিত শ্বাহক ফোন কৰিছিলো তেতিয়াই সোমবাৰে মোক অমিত শ্বাহক লগ কৰিবলৈ কৈছে । মই সোমবাৰে লগ কৰি সকলোখিনি শ্বাহ ডাঙৰীয়াৰ আগত ক'ম ।’’