নগাঁও, ২৭ ফেব্ৰুৱাৰী :ৰাজ্যত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ যিমানেই তীব্ৰতৰ হৈছে সিমানেই তীক্ষ্ণ হৈছে নেতা-পালিনেতাৰ বাক্যবান । শাসক-বিৰোধীৰ কথাৰ যুঁজখন আকৰ্ষণীয় হোৱাৰ সময়তে এইবাৰ মিত্ৰজোঁটৰ মাজতো চলিছে কথাৰ কটাকটি ৷ আৰম্ভ হৈছে নেকি অগপ বিজেপিৰ অন্তঃকলহ ?
মিত্ৰদল অগপক লৈ বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ মন্তব্যৰ পাছতে অগপ নেতা-কৰ্মীয়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । অগপক পৌৰসভা নিৰ্বাচনত ভোট নিদিবলৈ অভয়াপুৰীত ৰাইজক আহ্বান জনাইছিল আঙুৰলতা ডেকাই । আঙুৰলতা ডেকাৰ বিতৰ্কিত মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে নগাঁও অগপ ।
বৃহস্পতিবাৰে পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অভয়াপুৰীত উপস্থিত হৈ বিজেপি নেত্ৰী আঙুৰলতা ডেকাই মিত্ৰজোঁট অগপক পৌৰসভা নিৰ্বাচনত ভোট নিদিবলৈ আহ্বান জনাইছিল । ধিং পৌৰসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি আঙুৰলতা ডেকাই অগপৰ প্ৰাৰ্থীয়েই নাই বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছিল । কিন্তু য'ত অগপ দলে দহটা ৱাৰ্ডৰ ভিতৰত নিজাববীয়াকৈ ছজনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে দুটাকৈ ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন জনাইছে ।