অসম

assam

By

Published : Feb 23, 2021, 9:50 PM IST

ETV Bharat / state

বঢ়মপুৰত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

বঢ়মপুৰত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে । বিজেপি সদস্য সকলক লগত লৈ ৰাইজৰ ঘৰে ঘৰে গৈ বিগত সময়ত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে ৰাইজৰ অভাৱ সমূহৰ বুজ লয় ।

বঢ়মপুৰত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী
বঢ়মপুৰত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

বঢ়মপুৰ,২৩ ফেব্ৰুৱাৰী:ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে ৰাজ্যত আৰম্ভ হৈছে ঘৰে ঘৰে জনসম্পৰ্ক কাৰ্যসূচী ৷ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তেতেলিসৰা গাঁও পঞ্চায়তৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে । বিজেপি সদস্য সকলক লগত লৈ ৰাইজৰ ঘৰে ঘৰে গৈ বিগত সময়ত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে ৰাইজৰ অভাৱ সমূহৰ বুজ লয় ।

বঢ়মপুৰত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

লগতে আগন্তক নিৰ্বাচনত ৰাইজৰ সহাঁৰি বিচাৰি প্ৰতিটো ঘৰতে গৈ কৰ্মকৰ্তা সকলে পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে । ইফালে বিগত ৩০ বছৰ ধৰি বিধায়ক হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰৰ ৰাইজে এইবাৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব বিচাৰিছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ জানিব পৰা মতে প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে নিজেই এই সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচৰাৰ লগতে আন কেইবাগৰাকী নেতাই টিকটৰ বাবে আশা কৰি আছে ।

লগতে পঢ়ক:ফকিৰাগ্ৰামত 'ৰোগ নিৰ্মূল বি টি আৰ' অভিযান

For All Latest Updates

ABOUT THE AUTHOR

...view details