নগাঁও, 12 ফেব্ৰুৱাৰী:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পাঠান ছবিৰ (Pathaan Controversy) ব্ৰেণ্ড এম্বেচাদৰ আখ্যা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ ৷ লগতে কেলেংকাৰীৰে জড়িত লোকক লৈ বিজেপিয়ে শাসন চলোৱাৰ অভিযোগ কংগ্ৰেছ নেতা তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ মাণ্ডলিক সভাত এই দৰেই মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ (Congress Slams BJP) ৷
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ৷ দেওবাৰে নগাঁও ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুত বৰদলৈৰ অনুপস্থিতিত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন মাণ্ডলিক সভা (APCC meeting in Nagaon) । এই সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল সাংসদ গৌৰৱ গগৈৰ (MP Gaurav Gogoi) লগতে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন (MLA Rakibul Hussain) ।
আদানী প্ৰসংগক লৈয়ো বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্ৰেছ ৷ আদানীৰ বিৰুদ্ধে ই ডি (ED) অথবা আয়কৰ বিভাগে তদন্ত কৰাৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে আদানীক ক্লীনশ্বিট দিয়া বুলি অভিযোগ সাংসদ গৌৰৱ গগৈৰ (Gaurav Gogoi allegation against Modi) ৷ সংসদত আদানীৰ প্ৰসংগ উত্থাপন কৰাৰ পাচতো প্ৰধানমন্ত্ৰীয়ে আদানীৰ বিষয়ে মাত মাতিবলৈ ভয় কৰা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ ইয়াৰোপৰি অপৰাধ, ছিণ্ডিকেট, হত্যা, লুইজ বাৰ্জাৰ আদি কেলেংকাৰীত জড়িত ব্যক্তিক লৈ বিজেপিয়ে শাসন কৰা বুলিও বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ ৷