নগাঁও, 17 ডিচেম্বৰ: ৰাজনৈতিক দল সমূহৰ প্ৰায় এমাহ যোৰা ৰাজনৈতিক তৎপৰতাৰ অন্তত বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হয় তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ'ল শাসিত পৰিষদৰ নিৰ্বাচন ৷ চাবুকধৰা চাৰিপুনিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰা বিজেপি প্ৰাৰ্থী মদন দেউৰীয়ে ভোটদান কৰি সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নহয় বুলি দাবী কৰে ৷ উল্লেখ্য যে, তিৱা স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৮ নং চাবুকধৰা চাৰিপুনিয়া সমষ্টিৰ পৰা ৷
চাৰিপুনিয়া পৰিষদৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নাই কোনো প্ৰতিদ্বন্দ্বী ! - কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুলাল দেউৰী
বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হয় তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ টকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হোৱা পৰিষদৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মদন দেউৰীয়ে কয় এই নিৰ্বাচনত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই ৷
![চাৰিপুনিয়া পৰিষদৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নাই কোনো প্ৰতিদ্বন্দ্বী ! bjp candidate madan deori reacted about tiwa election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9908521-215-9908521-1608190684251.jpg)
চাৰিপুনিয়া পৰিষদৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নাই কোনো প্ৰতিদ্বন্দ্বী
চাৰিপুনিয়া পৰিষদৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নাই কোনো প্ৰতিদ্বন্দ্বী
বৃহস্পতিবাৰে পুৱাৰ পৰা অনুষ্ঠিত হোৱা মধ্য অসমৰ তিৱা নিৰ্বাচনৰ সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুলাল দেউৰী আৰু তিৱা ঐক্যমঞ্চৰ পৰা পণ্ডিত বৰদলৈ অৱতীৰ্ণ হৈছে ৷ সমষ্টিটোত ত্ৰিকোণীয়া যুজঁ হোৱাৰ সম্ভাৱনা আছে যদিও বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি দাবী কৰিছে প্ৰাৰ্থীগৰাকীয়ে ৷