অসম

assam

ETV Bharat / state

ধন বল, বাহু বল প্ৰয়োগ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা বিজেপিৰ: ভূপেন বৰা - কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ

পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক ভয় ভাবুকি প্ৰদানৰ অভিযোগ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে (BJP accused of threatening candidates in municipal elections)। জালুকবাৰী সমষ্টিতো প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ইউ পিৰ নহয়, অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান সাংসদ গৌৰৱ গগৈৰ ।

ধন বল, বাহু বল প্ৰয়োগ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা বিজেপিৰ: ভূপেন বৰা
ধন বল, বাহু বল প্ৰয়োগ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা বিজেপিৰ: ভূপেন বৰা

By

Published : Feb 19, 2022, 10:39 PM IST

নগাঁও, 19 ফেব্ৰুৱাৰী :ৰাজ্যৰ পৌৰ সভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰক লৈ ব্যস্ত হৈ পৰাৰ সময়ত নগাঁৱত কংগ্ৰেছে আয়োজন কৰে দলীয় প্ৰশিক্ষণ শিবিৰৰ (Congress training camp in Nagaon)। নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ।

SF সমাগত পৌৰসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে ধন বল আৰু বাহু বল প্ৰয়োগ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (BJP accused of threatening candidates in municipal elections) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ উত্তৰ গুৱাহাটীতো কংগ্ৰেছ প্ৰাৰ্থীত্ব ভয় ভাবুকিৰে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ বাবে বাধ্য কৰা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

ধন বল, বাহু বল প্ৰয়োগ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা বিজেপিৰ: ভূপেন বৰা

বিজেপিয়ে পৌৰ সভা নিৰ্বাচনত কংগ্ৰেছক ভয় কৰিছে বুলি উল্লেখ কৰি নিৰ্বাচনত কংগ্ৰেছৰ মুখামুখী হ’বলৈ বিজেপিক আহ্বান জনাই কংগ্ৰেছ নেতাগৰাকীয়ে ।

শনিবাৰে নগাঁৱত আয়োজন কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ গৌৰৱ গগৈয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ ব্যৰ্থতা এটা বছৰ সম্পূৰ্ণ নৌহওতেই প্ৰকাশ পালে বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । অসমত এতিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা প্ৰশাসনৰ উচ্চ বিষয়ালৈকে সকলোতে বাহিৰৰ পৰা আৰ এছ এছৰ লোকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিযুক্তি দিয়াৰ কৌশল ৰচনা কৰা বুলি মন্তব্য কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

আনকি হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্যনাথ হ'ব বিচাৰিছে বুলিও মন্তব্য কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাক ইউ পি ৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ আহ্বান জনাই কটাক্ষ কৰে সাংসদ গৌৰৱ গগৈয়ে । উল্লেখ্য যে, শনিবাৰে নগাঁৱত আয়োজিত কংগ্ৰেছৰ এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ লগতে কেইবাগৰাকী বিধায়কো উপস্থিত থাকে ।

লগতে পঢ়ক :মাত্ৰ ১০ দিনৰ বাবেহে বাজেট অধিবেশন কিয় ? ...প্ৰশ্ন বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details