কলিয়াবৰ,১১ ছেপ্টেম্বৰ:সমাগত শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা । বিশ্ব খনিকৰক আৰধনা কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী(Biswakarma puja preparation in Assam) । পূজাৰ প্ৰাকক্ষণত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলো । কলিয়াবৰতো বিশ্বকৰ্মা আৰু দূৰ্গা পূজাক লৈ ব্যস্ত হৈ পৰিছে মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰা শিল্পী সকল(Pottery artists are busy making clay idols) ।
কলিয়াবৰৰ কামাখ্যা গাঁৱৰ মহিলা মৃণ্ময় শিল্পী কবিতা পাল আৰু ৰীতা পালৰ এতিয়া ভীষণ ব্যস্ততা । কলিয়বৰৰ কামাখ্যা গাঁৱৰ মহিলা মৃণ্ময় শিল্পী কবিতা আৰু ৰীতা পাল ব্যস্ত বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণত । কলিয়াবৰৰ দুই ভগ্নীদ্বয়ে স্থানীয় পূজাসমূহৰ চাহিদা পূৰ্ণত ব্যস্ত হৈ পৰিছে । যোৱা চল্লিশ বছৰ ধৰি এই মহিলা মৃণ্ম শিল্পীদ্বয়ে এই বৃত্তিটো জীয়াই ৰখাৰ চেষ্টা চলাই আছে ।