অসম

assam

ETV Bharat / state

শিৱসাগৰত বিশ্ব সজ্ঞাহৰণ দিৱস উদযাপন - ডিমৌ চৰকাৰী সামূহিক চিকিৎসালয়

সৰ্প দংশনৰ ১০০ মিনিটৰ ভিতৰত আক্রান্তক চিকিৎসা প্ৰদান কৰিলে আক্রান্ত সুস্থ হোৱাৰ সম্ভাৱনা থাকে। সৰ্প দংশনত আক্রান্ত সকলে সময় মতে চিকিৎসা লাভ নকৰা বাবেই বহু সময়ত অকাল মৃত্যুক সাৱটি লব লগা হয় ।

biswa hangyaharan divas
শিৱসাগৰত বিশ্ব সজ্ঞাহৰণ দিৱস উদযাপন

By

Published : Oct 16, 2020, 11:03 PM IST

শিৱসাগৰ, 16 অক্টোবৰ : বিশ্ব সংজ্ঞাহৰণ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাত শুকুৰবাৰৰ পৰা দুটা কেন্দ্ৰত সৰ্প দংশনৰ চিকিৎসাৰ বাবে মুকলি কৰা হয় দুটা বিশেষ ৱাৰ্ড। বিশেষজ্ঞ চিকিৎসক ডাঃ সুৰজিত গিৰীৰ বিশেষ উদ্যোগত মুকলি কৰা হৈছে এই দুই ৱাৰ্ড । জিলাখনৰ ডিমৌ চৰকাৰী সামূহিক চিকিৎসালয় আৰু শিৱসাগৰ নগৰৰ প্ৰগতি চিকিৎসালয়ত মুকলি কৰা এই চিকিৎসা কেন্দ্ৰত ৰোগীয়ে নূন্যতম খৰছত চিকিৎসাৰ সুবিধা লাভ কৰিব।

শিৱসাগৰত বিশ্ব সজ্ঞাহৰণ দিৱস উদযাপন

উল্লেখযোগ্য যে, সৰ্প দংশনৰ ১০০ মিনিটৰ ভিতৰত আক্রান্তক চিকিৎসা প্ৰদান কৰিলে আক্রান্ত সুস্থ হোৱাৰ সম্ভাৱনা থাকে। সৰ্প দংশনত আক্রান্ত সকলে সময়মতে চিকিৎসা লাভ নকৰা বাবেই বহু সময়ত অকাল মৃত্যুক সাৱটি লব লগা হয় । সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে আৰম্ভ কৰা এই দুই কেন্দ্ৰৰ পৰা সৰ্প দংশনত আক্রান্ত সকলে সময় মতে চিকিৎসা লাভ কৰাৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ ফলত অকালতে হোৱা দুৰ্ভাগ্যজনক মৃত্যুৰ সংখ্যা হ্ৰাস পাব।
লগতে পঢ়ক: 16 অক্টোবৰৰ পৰা মুকলি হ'ল কেৰালাৰ শবৰীমলা মন্দিৰ

ABOUT THE AUTHOR

...view details