ৰূপহীহাট, 13 এপ্ৰিল: দেশৰ গ্ৰাম্য অৰ্থনীতিত বন্ধন বেংকে এক যোগাত্মক অৰিহণা যোগাই আহিছে ৷ গাঁও-চহৰ সকলোতে বন্ধন বেংক এটা পৰিচিত নাম ৷ পৰৰ্ৱতী সময়ত ৰাইজৰ মাজত বন্ধন বেংক অতি জনপ্ৰিয় হৈ পৰিছে ৷ চন্দ্ৰ শেখৰ ঘোষ বন্ধন বেংকৰ প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া হোৱাৰ লগতে পৰিচালনা সঞ্চালকো । বন্ধন বেংকে প্ৰায় 2.25 কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে ৷
ৰূপহীহাটৰ জুৰীয়াত বন্ধন বেংকৰ বিশ বছৰীয়া বৰ্ষপূৰ্তী উদযাপন - চন্দ্ৰ শেখৰ ঘোষ
ৰূপহীহাটৰ জুৰীয়াত বন্ধন বেংকৰ বিশ বছৰীয়া বৰ্ষপূৰ্তী উদযাপন ৷ বিশবছৰীয়া বৰ্ষপূৰ্তীত কেক কাটি উদযাপন কৰে বন্ধন বেংকৰ শাখাটোৰ কৰ্মচাৰী সকলে ৷
![ৰূপহীহাটৰ জুৰীয়াত বন্ধন বেংকৰ বিশ বছৰীয়া বৰ্ষপূৰ্তী উদযাপন ৰূপহীহাটৰ জুৰীয়াত বন্ধন বেংকৰ বিশ বছৰীয়া বৰ্ষপূৰ্তী উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11383834-111-11383834-1618287622738.jpg)
ইয়াৰ সহায়ত একাংশ পুৰুষ-মহিলাই নিজা ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ পথ বাছি ল’ব পাৰিছে ৷ শেহতীয়াকৈ শিক্ষাৰ ক্ষেত্ৰতো দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বন্ধন বেংকে ৷ এপ্ৰিল মাহত বন্ধন বেংকে সুদীৰ্ঘ বিশটা বছৰ অতিক্ৰম কৰিলে । সেয়ে বন্ধন বেংকৰ বিশবছৰীয়া বৰ্ষপূৰ্তী উপলক্ষে জুৰীয়াত বন্ধন বেংকৰ ৰূপহীহাটৰ শিক্ষা সংগঠক পংকজ কুমাৰ বৰদলৈৰ নেতৃত্বত ৰূপহীহাটৰ আঞ্চলিক বিষয়া বিজয় দাস আৰু বন্ধন বেংকৰ কৰ্মচাৰীসকলে কেক কাটি উদযাপন কৰে বিশবছৰীয়া বৰ্ষপূৰ্তী । এই বৰ্ষপূৰ্তি অনুষ্ঠানত কৰ্মী সকলৰ লগতে উপস্থিত থাকে নাট্যকাৰ তথা পৰিচালক দিলীপ বৰদলৈ ৷
লগতে পঢ়ক:বাঁহেৰে উজ্লি উঠিছে অসমীয়াৰ স্বাভিমান