নগাঁও, ৫অক্টোবৰ :অসমীয়া সাহিত্যৰ জনক,সংস্কৃতিৰ বাহক, একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি আৱিৰ্ভাৱ তিথি (Srimanta Sankardeva Abhirbhav Tithi)। নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি বুধবাৰে সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে । সেই উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান (Birth anniversary of Sankardev at Botadrava) শ্ৰীশ্ৰী বটদ্ৰৱা থানত মঙলবাৰৰ পৰা ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে ৫৭৪তম গুৰুজয়ন্তী ৷ গুৰুজয়ন্তীত ভাগলোৱাৰ উদ্দেশ্য মঙলবাৰৰ পৰা বটদ্ৰৱা থানালৈ আগমন ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ অগনন ভকত বৈষ্ণৱৰ ৷ এই সকল ভকত বৈষ্ণৱৰ হৰিনামে অমৃত ৰসৰ নিজৰা বোৱাই দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিছে বটদ্ৰৱা থানক ৷ পুৱা ঊষা কীৰ্তন, খোল প্ৰসংগ, আইসকলৰ নাম আৰু মঞ্জীৰা নাম গোৱা হয় ৷
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল ১৫-১৬ শতিকাৰ এগৰাকী সাধু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্যশিল্পী, অভিনেতা, সংগীতজ্ঞ, শিল্পী, সামাজিক-ধৰ্মীয় সংস্কাৰক আৰু অসম তথা ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব (Assamese polymath Srimanta Sankardeva) ।
হৰিনামৰ ধ্বনিত মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা তেওঁ অতীতৰ লয় হ'ব ধৰা সাংস্কৃতিক পৰম্পৰাৰ পুনৰ নিৰ্মাণ কৰিছিল সংগীতৰ নতুন ৰূপ বৰগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰে (Borgeet by Sankardeva) । নাট্য প্ৰদৰ্শনৰ অনন্য ৰূপ অংকীয়া নাট-ভাওনা (Sankardeva theatrical performance Ankia Naat), সত্ৰীয়া নৃত্য, সাহিত্যিক ভাষা ব্ৰজাৱলীৰ সৃষ্টিৰ বাবে তেওঁক বিশেষ কৃতিত্ব প্ৰদান কৰা হয় (Brajavali language developed by Sankardeva) ।
ইয়াৰ উপৰি তেওঁ সংস্কৃত, অসমীয়া আৰু ব্ৰজাৱলী ভাষাৰ সংমিশ্ৰণত লিখা শাস্ত্ৰ ভাগৱত, কবিতা আৰু ধৰ্মীয় ৰচনাসমূহৰ এক বিস্তৃত সাহিত্যিক সম্ভাৰৰ অৱদান আগবঢ়াই থৈ গৈছে । তেওঁ আৰম্ভ কৰা ভাগৱতী ধৰ্মীয় আন্দোলন (Bhagavatic religious movement), একশৰণ ধৰ্ম- যাক নৱ-বৈষ্ণৱ আন্দোলন (Neo Vaishnavite movement) বুলিও কোৱা হয়, দুই মধ্যযুগীয়া সাম্ৰাজ্য কোচ আৰু আহোমক প্ৰভাৱিত কৰিছিল ।
তেওঁ আৰম্ভ কৰা ভক্তসকলৰ সমাবেশ পৰম্পৰা সময়ৰ লগে লগে সত্ৰ নামৰ সন্ন্যাস কেন্দ্ৰলৈ বিকশিত হৈছিল (monastic centers called Satras) । যিবোৰ বৰ্তমানো অসম আৰু কিছু পৰিমাণে উত্তৰ বংগত গুৰুত্বপূৰ্ণ সামাজিক তথা ধৰ্মীয় অনুষ্ঠান হিচাবে পৰিগণিত হৈ আছে (important socio religious institutions in Assam)।
গুৰু নানক, ৰমানন্দ, নামদেৱ, কবীৰ, বাসৱ আৰু চৈতন্য মহাপ্ৰভুৱে ভাৰতীয় উপ-মহাদেশৰ আন আন ঠাইত অনুপ্ৰাণিত কৰাৰ দৰেই শংকৰদেৱে অসমত ভক্তি আন্দোলনক অনুপ্ৰাণিত কৰিছিল (Sankardeva inspired Bhakti movement in Assam) । তেওঁৰ প্ৰভাৱ আনকি অন্য কিছুমান ৰাজ্যলৈও বিয়পি পৰিছিল । ভাৰত সিঙে প্ৰতিষ্ঠা কৰা মটক ৰাজ্য আৰু অষ্টাদশ শতিকাৰ শেষৰ ফালে সৰ্বানন্দ সিঙে একত্ৰিত কৰা সাম্ৰাজ্যতো তেওঁৰ শিক্ষাক সমৰ্থন কৰা হৈছিল ।
তেওঁৰ সাহিত্যিক আৰু শৈল্পিক অৱদান আজিও অসমত নজহা-নপমা পৰম্পৰা হৈ উজলি আছে । তেওঁ প্ৰচাৰ কৰা এক শৰণ নাধৰ্মৰ অলেখ অনুগামী । আনহাতে, তেওঁ স্থাপন কৰা সত্ৰৰ দ্বাৰা উদ্বুদ্ধ হৈ পৰৱৰ্তী সময়তো তেওঁৰ একান্ত শিষ্য তথা অনুগামীসকলে বিভিন্ন স্থানত প্ৰতিষ্ঠা কৰিছিল । সেই সত্ৰসমূহে তেওঁৰ উত্তৰাধিকাৰীসকলক ক্ৰমান্বয়ে বিকশিত কৰাৰ লগতে সত্ৰীয়া পৰম্পৰা তথা সংস্কৃতি বজাই ৰাখিছে ।
লগতে পঢ়ক:নলবাৰীৰ গোপালবজাৰ দুৰ্গা মন্দিৰত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ