চামগুৰি, 19 জুন : নগাঁৱৰ ঐতিহ্যমণ্ডিত চামগুৰি বিলৰ পাৰত নিৰ্মাণ কৰা "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ" বৰ্তমান ধ্বংসৰ গৰাহত । উল্লেখযোগ্য যে, ২০০৬ চনতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰ আমোলৰ তদানীন্তন ৰাজ্যিক বিত্ত আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ"ৰ । সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বিলখনৰ কাষতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন ঘটিছিল ৷ কিন্তু আজি সেই পৰ্যটনস্থলী বৰ্তমান মদ, ভাং, জুৱা, ড্ৰাগছৰ আড্ডালৈ পৰ্যবেসিত হোৱাৰ লগতে হাবি-জংঘলে আৱৰি ধৰিছে সমগ্ৰ প্ৰকল্পটো ।
উল্লেখযোগ্য যে, বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰটোৰ চৌপাশতে নিৰ্মাণ কৰা "ৰ'কলেণ্ড পাৰ্ক" খনো হাবি-জংঘলে আৱৰি আছে । একেদৰে ক্ৰমাৎ ধ্বংস হৈ যাবলৈ ধৰিছে ২০১৪ চনতে নিৰ্মাণ কৰা মিনি পেচেঞ্জাৰ অৰ্থাৎ ৰোপৱে' । চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছ আমোলৰ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয়ে সাপেক্ষে নিৰ্মাণ কৰিছিল এই বহুমুখী প্ৰকল্পটো ৷ কিন্তু এই প্ৰকল্প এতিয়া তত্বাৱধানৰ অভাৱত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷