অসম

assam

ETV Bharat / state

চামগুৰিত মীন বিভাগৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন - regional office

নগাঁৱৰ চামগুৰিৰ বিলপাৰত উদ্বোধন কৰা হ'ল অসম মীন উন্নয়ন নিগম লিমিটেডৰ উজনি অসমৰ আঞ্চলিক কাৰ্যালয় । মঙলবাৰে বিলপাৰত মীন আইন সজাগতা সভাও অনুষ্ঠিত কৰা হয় । সভাত উপস্থিত থাকে ড৹ বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ লগতে অসম মীন উন্নয়ন নিগম লিমিটেডৰ কেইবাজনো উচ্চপদস্থ বিষয়া ।

চামগুৰিত মীন বিভাগৰ উজনি অসমৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন
চামগুৰিত মীন বিভাগৰ উজনি অসমৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন

By

Published : Apr 20, 2021, 9:37 PM IST

চামগুৰি, ২০ এপ্ৰিল: অৱশেষত নগাঁৱৰ চামগুৰিত অসম মীন উন্নয়ন নিগম লিমিটেডৰ উজনি অসমৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰা হয় । মঙলবাৰে চমগুৰিৰ বিলপাৰত অনুষ্ঠিত এক মীন আইন সজাগতা সভাত অংশ লৈ এই কথা জানিবলৈ দিয়ে নিগমৰ প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকাই ।

সভাত তেওঁ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এই সময়ত মাছ ধৰাৰ ক্ষেত্ৰত মীন আইন মানি চলিবলৈ সকলোকে আহ্বান জনাইছে । লগতে চামগুৰিৰ বিলপাৰত থলুৱা মাছৰ উৎপাদন বৃদ্ধিৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায় । সভাখনত মধ্য অসমৰ বিভিন্ন মীন মহলসমূহৰ দায়িত্ব বহন কৰা লেচীসমূহৰ সৈতে আলোচনা কৰে প্ৰকল্প সঞ্চালকগৰাকীয়ে ।

চামগুৰিত মীন বিভাগৰ উজনি অসমৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন

থলুৱা মাছৰ সংৰক্ষণ তথা উৎপাদন বৃদ্ধি, মীন মহলবোৰক বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা আৰু উপযুক্ত সময়ত মাছৰ প্ৰজননৰ প্ৰক্ৰিয়া সূচল কৰি কিদৰে ইয়াক জীৱিকা অৰ্জনৰ উপায় হিচাপে গ্ৰহণ কৰি ভৱিষ্যৎ সুৰক্ষিত কৰিব পৰা যায় এই বিষয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।

নিগমৰ শতাধিক বিষয়া সভাত উপস্থিত থাকে । লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মীন গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ ড৹ বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ লগতে নিগমৰ আন কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: কলহী নৈত সন্ধানহীন যুৱক

ABOUT THE AUTHOR

...view details