নগাঁও, 20 চেপ্টেম্বৰ : বৃহস্পতিবাৰে নগাওঁ আৰক্ষীয়ে অভিযান চলাই চুৰি বাইকসহ আটক কৰে চাৰিটাকৈ কুখ্যাত চোৰক । নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে এই অভিযান চলাই নগাওঁ আমিনপট্টিৰ পৰা হিফজুৰ ৰহমান, ফৌজদাৰী পট্টিৰ পৰা মুনমুন শেখ, কচুলখোৱাৰ পৰা মাণিক বৰ্মন আৰু ধিং ধূপগুৰিৰ পৰা আব্দুল জলিল নামৰ চোৰকেইটাক আটক কৰে । চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে দুখন চুৰি বাইক উদ্ধাৰ কৰে ৷
চুৰি বাইকসহ নগাওঁ আৰক্ষীৰ জালত চাৰি বাইক চোৰ - assam
নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চলাই এই অভিযান ৷
![চুৰি বাইকসহ নগাওঁ আৰক্ষীৰ জালত চাৰি বাইক চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4494166-thumbnail-3x2-nagaon.jpg)
চুৰি বাইকসহ নগাওঁ আৰক্ষীৰ জালত চাৰি বাইক চোৰ
নগাঁও আৰক্ষীয়ে আজি আটকাধীন চোৰকেইটাক নগাঁও আদালতত হাজিৰ কৰে ৷ বৰ্তমান আৰক্ষীয়ে অদিক তথ্য লাভৰ বাবে চোৰকেইটাৰ জেৰা অব্যাহত ৰাখিছে ৷