ছামগুৰি,২১,মাৰ্চ:আবিৰৰে ৰঙীণ হৈ ৰাজ্যবাসী সাজু ৰঙালীক আদৰিবলৈ । দিনচেৰেক পাছতেই হেঁপাহৰ ৰঙালী বিহু । ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰস্তুতি (Rangali Bihu preparation in Assam) । সংস্কৃতিৰ বৰপথাৰ নগাঁৱৰ বিভিন্ন প্ৰান্তটো আৰম্ভ হৈছে বিহুৰ কৰ্মশালা (Bihu workshop underway in Puranigudam) ।
পুৰণিগুদামৰ চলচলি-হালোৱাগাঁৱত "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ উদ্যোগত তথা হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সহযোগত আয়োজন কৰা কৰ্মশালাটিত অংশগ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে । হালোৱাগাঁওস্থিত "ভেৰভেৰী মজলীয়া আৰু প্ৰাক্-প্ৰাৰ্থমিক বিদ্যালয়"ৰ প্ৰাংগণত বহাগ বিহুৰ উৰুকা পৰ্য্যন্ত অনুষ্ঠিত হ'ব লগীয়া কৰ্মশালাখনত ঢোলবাদন আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা নগাঁও জিলাৰ অন্যতম এগৰাকী প্ৰবীণ বিহুৱা ৰাজু শইকীয়াই ।