কলিয়াবৰ, 22 মাৰ্চ :20 মাৰ্চৰ পৰা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত কলিয়াবৰত আয়োজন কৰা হৈছে এখনি দহদিনীয়া বিহুৰ কৰ্মশালা (Bihu dance workshop at Kaliabor)। অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত ‘টিপকাই’ৰ উদ্যোগত আৰু কলিয়াবৰৰ সাহিত্য সংস্কৃতি ক্ৰীড়া অনুষ্ঠান ফ্ৰেণ্ডশ্বীপ ক্লাবৰ সহযোগত দেওবাৰে কলিয়াবৰৰ নাগশংকৰস্থিত ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগনত শুভাৰম্ভ কৰা হয় এই কৰ্মশালাৰ ৷ 20 মাৰ্চৰ আৰম্ভণিৰ দিনটোতে শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় এই কৰ্মশালাত ৷
বিহুৰ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট বিহুৱা জয়ন্ত সোণোৱাল ৷ লগতে এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে উপস্থিত থাকে বিহু সম্ৰাজ্ঞী নীলাক্ষি বৰগোহাঞি, চয়নিকা কাশ্যপ, প্ৰত্যাশী মহন্ত, টিনামনি বৰা, ৰাখী দত্ত, হিমাদ্ৰী বৰাৰ লগতে অৰুণ শইকীয়া, দিপু দত্ত ৷ বৰ বিহুৱা জয়ন্ত সোণোৱালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, এই কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিব বিহুৱা কৃষ্ণমণি নাথেও ৷