বটদ্ৰৱা,05 এপ্ৰিলঃ বিহু নৃত্যৰ আখৰাত ব্যস্ত বটদ্ৰৱাৰ জীয়ৰী । অসমীয়াৰ হিয়াৰ আমঠু বহাগ বিহুৰ আগমণৰ লগে লগে যেন তত নাইকিয়া হৈ পৰিছে শিল্পীসকলৰ গাত । তেনে বিহু আখৰাত ব্যস্ততা বটদ্ৰৱা ৰাইডঙীয়া গাঁৱৰ প্ৰবীন কলিতা আৰু শেৱালি কলিতাৰ জীয়ৰী জাগৃতি কলিতা ।
নিজেই ঢোল বজাই বিহু মাৰিবলৈ সাজু বটদ্ৰৱাৰ জীয়ৰী - বিহু
ৰাজ্যত চাৰিওদিশে হেপাঁহৰ ৰঙালী বিহুৰ ব্যস্ততা ৷ কৰবাত যদি বিহু আখৰা হৈছে, কৰবাত আকৌ বিহুৱান বৈছে শিপিনীয়ে ৷ সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিৱেশ ৷ বিহুৰ বতৰত ঢোল বজাই বিহু মাৰিবলৈ সাজু বটদ্ৰৱাৰ বিহুৱতী জাগৃতি কলিতা
শিল্পী জাগৃতি সাংস্কৃতিক জগতখনৰ এগৰাকী প্ৰতিভাৱান শিল্পী । তিনি বছৰ বয়সৰ পৰাই নৃত্য শিল্পী হিচাপে পাৰদৰ্শিতাৰ পৰিচয় দি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । বিহু নৃত্যৰে সুখ্যাতি লাভ কৰা জাগৃতিয়ে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ডেৰ কুৰি খনৰো অধিক মঞ্চত স্থান দখল কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। জাগৃতিয়ে বিহু নৃত্য প্ৰদৰ্শনৰ সমন্তৰালকৈ বিভিন্ন মঞ্চত ঢোল আৰু তাল বজাই ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছে । লগতে জাগৃতিয়ে দেশৰ বহু কেইজন স্বনামধন্য মহানলোকৰ আৰ্শীৰ্বাদ লাভ কৰি কলকাতা, চেন্নাই, ঝাৰখণ্ড, গুজৰাট আদিত অনুষ্ঠিত প্ৰতিযোগিতাত বিহু নৃত্য, সত্ৰীয়া নৃত্য আৰু ভোৰতাল নৃত্যত দলীয় ভাৱে প্ৰথম হৈ অসম তথা নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখ্য যে শিল্পী গৰাকী বৰ্তমান ব্যস্ত হৈ পৰিছে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'বলগীয়া বৰ বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৷